Local, Vocal, Global

Terrible Road Accident : শোকাৱহ দুৰ্ঘটনা; জীৱন্তে অগ্নিদগ্ধ ১২ জন লোক ,আহত ১৪ জনকৈ লোক

নেশ্যনেল ডেস্ক, ২৮ ডিচেম্বৰ : এক ভয়ংকৰ পথ দুৰ্ঘটনা । মৃত্যু ১২জনকৈ লোক,গুৰুতৰভাৱে আহত ১৪জনকৈ লোক(Terrible Road Accident) ।

মধ্যপ্ৰদেশত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা । বুধবাৰে নিশা মধ্যপ্ৰদেশৰ গুনা জিলাত যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ ৷ সংঘৰ্ষত জীৱন্তে অগ্নিদগ্ধ হৈ ১২ জন লোক লগতে আহত হয় ১৪ জনকৈ লোক(Terrible Road Accident in Guna District of Madhya Pradesh) ৷

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহত প্ৰকাশ পোৱা বাতৰি অনুসৰি, মধ্যপ্ৰদেশৰ গুনা-হাৰোণ পথত বুধবাৰে নিশা প্ৰায় ৯ বজাত এখন বাছ আৰু ডাম্পাৰৰ মাজত প্ৰথমে মুখামুখি সংঘৰ্ষ হয় ৷দুৰ্ঘটনাগ্ৰস্ত বাছখনত ৩০জনকৈ যাত্ৰী আছিল ।

এই সংঘৰ্ষৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত বাছখনত হঠাৎ জুইৰ সূত্ৰপাত হয় ৷ দাউ দাউকৈ জ্বলি উঠা বাছকনৰ জুইৰ লেলিহান শিখাই আগুৰি ধৰে বাছখন ৷

নিমিষতে জুইয়ে আগুৰি ধৰা বাছখনত ভিতৰত থকা ৩০জন যাত্ৰী ১২জনকৈ যাত্ৰী জীৱন্তে অগ্নিদগ্ধ হয় । লগতে বাছখনত থকা আন ১৪ জন যাত্ৰী গুৰুতৰভাৱে আহত হয় ।
এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে ততাতৈয়াকৈ ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হয় আৰু উদ্ধাৰ অভিযান চলায়(12 Killed As Bus Catches Fire After Collision With Truck In Madhya Pradesh
) ৷

এই শোকাৱহ দুৰ্ঘটনাৰ সন্দৰ্ভত গুণা জিলাৰ আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি,বুধবাৰে নিশা প্ৰায় ৯ মান বজাত দুৰ্ঘটনাটো সংঘটিত হয় ৷ ডাম্পাৰখন গুণাৰ দিশে গৈ আছিল আৰু যাত্ৰীবাহী বাছখন হাৰোণৰ দিশে গৈ আছিল ৷ তেনে সময়তে দুয়োখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত ৩০ জনকৈ যাত্ৰী আছিল, তাৰে ১২ জন নিহত আৰু 14 জন আহত হয় ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে চাৰিজনকৈ লোকে কোনো মতে বাছখনৰ পৰা ওলাই যাবলৈ সক্ষম হয়(At Least 12 Killed in Madhya Pradesh’s Guna as Bus Catches Fire After Collision With Dumper) ।

আনহাতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

ইফালে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে এই ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ আত্মীয়সকলক ৪ লাখ টকা লগতে আহতলোসকলক ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে । সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী যাদৱে ।

লগতে পঢ়ক : Fire Breaks Out at Batadrava : বিধ্বংসী অগ্নিকাণ্ড; জুইত ভস্মিভূত ১৩ খন দোকান