Local, Vocal, Global

Terrible Road Accident in Kaliabor :নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰিল দ্ৰুত বেগী টাটা মেজিক!

কলিয়াবৰ, ৯ মাৰ্চ : শুকুৰবাৰে কলিয়াবৰৰ জখলাবন্ধাত ভয়ংকৰ পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰিল দ্ৰুত বেগী টাটা মেজিক!

শুকুৰবাৰে নিশা কলিয়াবৰৰ জখলাবন্ধা হাস্পতাল চাৰিআলিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰিল এখন দ্ৰুত বেগী টাটা মেজিক। নুমলিগঁড বাবা ধামৰ পূজাৰ মেলাৰ পৰা ঢেকিয়াজুলিৰ শিঙৰি মন্দিৰ অভিমুখে গৈ থকা পথত দুৰ্ঘটনাত পতিত হয় বাহনখন(Terrible Road Accident in Kaliabor)।

এই ভয়ংকৰ দুৰ্ঘটনাত বাহনখনত থকা কেইবাজনো যাত্ৰী আহত হয় যদিও গুৰুতৰভাৱে আহত ৫ গৰাকীকৈ যাত্ৰী। আহত লোকসকলক স্থানীয় লোকৰ সহায়ত কলিয়াবৰ মহকুমা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে(Terrible Road Accident in Kaliabor )।

জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্থ বাহনখনত আছিল ৩০ জনকৈ লোক। যাত্ৰীসকল খাৰুপেটিয়া আছিল । ইফালে এই ভয়ংকৰ ঘটনাত গুৰুতৰভাৱে আহত হোৱা ব্যক্তিকেইজন খাৰুপেটিয়া আৰক্ষী থানাৰ অন্তৰ্গত চাহজামাল আলি, চিৰিয়া বেগম, আইচা বেগম, ৰোকিয়া বেগম আৰু যোহোৰা খাতুন বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্থ বাহনখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS-13-AC-0118।

লগতে পঢ়ক : 5 killed as parachute fails to open during aid drop in Gaza : গাজা শৰণাৰ্থী শিবিৰত শোকাৱহ ঘটনা;খাদ্যৰ অপেক্ষাত ৰৈ থকা ৫জন লোকৰ মৃত্যু