Local, Vocal, Global

Watch | Terrible road accident in Jamugurihat: মালবাহী ট্ৰাকত খুন্দা স্ক’ৰপ্ৰিয় বাহনৰ;আহত দুজন

জামুগুৰিহাট,১০মাৰ্চ : জামুগুৰিহাটৰ চকীঘাট দলংৰ সমীপৰ ন’পামৰ চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

বিশ্বনাথ চাৰিআলি দিশৰ পৰা তেজপুৰ অভিমুখে আহি থকা AS- 01-RC-3508 নম্বৰৰ মালবাহী ট্ৰাক খনক একে দিশৰে আহি থকা AR-01-L-1789 নম্বৰৰ স্ক’ৰপ্ৰিয় বাহনে অভাৰটেক কৰিবলৈ গৈ প্ৰচণ্ড জোৰত খুন্দা মাৰে । ফলত স্ক’ৰপ্ৰিয় বাহনখন ৰাষ্ট্ৰীয় ঘাইপথ কাষত বাগৰি পৰে৷ পথ দুৰ্ঘটনাটোত স্ক’ৰপ্ৰিয় বাহনৰ দুজনকৈ আৰোহী গুৰুতৰ ভাবে আহত হয়(Terrible road accident in Jamugurihat)৷

স্থানীয় লোকে দুয়োগৰাকী আহতক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰে৷

ইপিনে ঘটনাস্থলীত বৰঘাট আৰক্ষী থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে দুয়োখন বাহন জব্দ কৰি নিজৰ জিম্মাত ৰখাৰ ব্যৱস্থা কৰিছে । উল্লেখ্য যোগ্য যে চকীঘাট দলং খন যাতায়তৰ ববে মুকলি হোৱাৰ পিচৰে পৰা চাৰিলেণ্ড যুক্ত ঘাইপথত সঘনাই সংঘটিত হবলৈ ধৰিছে পথ দুৰ্ঘটনা।

লগতে পঢ়ক : WATCH | Assam Gaurav Award : কলিয়াবৰৰ ’চৰেন আহেম’ নামৰ কাৰ্বি জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ ৰেস্তোৰাঁখনলৈ ’অসম গৌৰৱ’ বঁটা