ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা! নিহত এজন…
ডিজিটেল ডেস্ক:- বৃহস্পতিবাৰে নিশা ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা।ডবকাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷অচিনাক্ত বাহনে মহটিয়াই নিলে মটৰ চাইকেলৰ আৰোহীক ৷ ফলত থিতাতে নিহত হয় এজন লোক।নিহত লোকজন সঞ্জীৱ নাথ বুলি জানিব পৰা গৈছে।মৃত সঞ্জীৱ নাথৰ ঘৰ কাৰ্বিআংলংৰ হাওঁৰাঘাটত।
দুৰ্ঘটনাতত পতিত হোৱা দুচকীয়া বাহন খনৰ নম্বৰ AS09D 5014 দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলিৰ পৰা পলায়ন কৰে অচিনাক্ত বাহনখনে ৷ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷