Local, Vocal, Global

Terrible Road Accident in Bokakhat : তীব্ৰবেগী বুলেটৰ খুন্দা ট্ৰাকত; নিহত এজন, আহত দুজন

নিউজ ডেস্ক, ৬ মাৰ্চ : বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰবেগী বুলেটৰ খুন্দা ট্ৰাকত ফলত নিহত এজন এজন(Terrible Road Accident in Bokakhat)।

বোকাখাতৰ অসম ৰাজ্যিক পৰিবহন নিগম আস্থানৰ সমীপত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰাজপথত ৰখাই থোৱা এখন ট্ৰাকৰ পিছফালে খুন্দা বুলেটৰ ৷

উল্লেখযোগ্য যে, ট্ৰাকত খুন্দা মৰাৰ পিছত বুলেটত থকা তিনি আৰোহী গুৰুতৰভাৱে আহত হয় ৷ আহত তিনিওকে ততাতৈয়াকৈ বোকাখাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ভৰ্তি কৰোৱা পিছতেই চিকিৎসালয়ত মৃত্যু হয় বুলেটৰ চালকৰ আসনত থকা পাপুল গগৈ ৷ নিহত পাপুল গগৈৰ ঘৰ গোলাঘাট বৰপথাৰত বুলি জানিব পৰা গৈছে ৷

ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত লোক এজন পবিত্ৰ বৰা বুলি চিনাক্ত কৰা হৈছে যদিও আন এজনক এইপৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই ৷ তিনিও বোকাখাত কাৰিকৰী প্ৰতিষ্ঠানৰ ছাত্ৰ বুলি জানিব পৰা গৈছে(Terrible Road Accident in Bokakhat) ।

জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS 02 CC 7827 আৰু বুলেটখনৰ নম্বৰ AS 05 S 8475।

লগতে পঢ়ক : Terrible Road Accident in Bongaigaon : তীব্ৰবেগী ফৰ্চুনাৰে মহটিয়ালে যাত্ৰীবাহী টেম্পো;নিহত এজন, আহত ১০জন