Terrible Road Accident in Bajali : চাৰিচকীয়া বাহনৰ খুন্দা বৈদ্যুতিক খুটাত; নিহত এজন, আহত দুজন

নিউজ ডেস্ক, ৭ মাৰ্চ : ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত এজন । আহত দুজন ।
বজালীৰ পাঠশালাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । চাৰিচকীয়া বাহনৰ খুন্দা পথচাৰীক ফলত থিতাতে নিহত এজন, আহত দুজন । আহত লোকদুজনৰ অৱস্থা অতি সংকটজনক । মৃত লোক জনৰ পৰিচয় এইপৰ্যন্ত জানিব পৰা হোৱা নাই(Terrible Road Accident in Bajali)।
জানিব পৰা মতে হাউলী ৰোডত এ এচ০১বি-জে৩০৩৫ নাম্বাৰৰ এখন চাৰিচকীয়া বাহনে এজন লোকক খুন্দিয়াই পিছত বৈদ্যুতিক খুটাত খুন্দা মাৰে । দুৰ্ঘটনা সংঘটিত কৰা বাহনখনত চালকৰ ছিটত আছিল কিশোৰ ৰয় নামৰ এজন স্থানীয় যুৱক ।
এইঘটনাৰ পিছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইতিমধ্যে ঘটনাস্থলীত পাঠশালা আৰক্ষী উপস্থিত হৈছে। উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ ইনঞ্চুৰেঞ্চ ২০২২ চনতে উকলিলে। ইয়াৰোপৰি গাড়ী খনৰ নিয়ম উলংঘাৰ নামত ১৭হাজাৰ টকাৰ চালান বাকী আছে(Terrible Road Accident in Bajali)।