Terrible Road Accident : তীব্ৰবেগী ট্ৰেভেলাৰে মহতিয়াই নিলে চাইকেল আৰোহীক
নিউজ ডেস্ক, ১৩ডিচেম্বৰ : মৰিগাঁৱত ভয়ংকৰ ঘটনা(Road Accident) । যাত্ৰীবাহী ট্ৰেভেলাৰ পৰিল দ’ খাৱৈত । চাইকেল আৰোহীক খুন্দিয়াই ট্ৰেভেলাৰ পৰে দ’ খাৱৈত । ট্ৰেভেলাৰ খুন্দাত নিহত হয় চাইকেল আৰোহী লগতে আহত হয় যাত্ৰী(Terrible Road Accident at Dharamtul) ।
বুধবাৰে মৰিগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ধৰমতুল বিষ্ণু মন্দিৰ সমীপৰ এখন দলঙত সংঘটিত হয় এই দুৰ্ঘটনাটো(One Killed in Road Accident ) ৷
জানিব পৰা মতে, তীব্ৰ বেগী ট্ৰেভেলাৰে মহতিয়াই নিলে চাইকেল আৰোহীক ৷ দুৰ্ঘটনাত নিহত হয় চাইকেল আৰোহী জন । নিহত চাইকেল আৰোহীজন ৰাজু দাস বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেভেলাৰখনৰ নম্বৰ হৈছে AS01 RC2526 ৷
নগাঁৱৰ দিশৰ পৰা গুৱাহাটী অভিমূখে গৈ আছিল AS01 RC2526 নম্বৰৰ ট্ৰেভেলাৰখনৰ ৷ তেনে সময়তে ধৰমতুল বিষ্ণু মন্দিৰ সমীপৰ দলঙত নিয়ন্ত্ৰণ হেৰুৱাই একে দিশে আহি থকা চাইকেল আৰোহীক মহতিয়াই লৈ যায় ট্ৰেভেলাৰখনে ৷ ফলত থিতাতে নিহত হয় ৰাজু দাস নামৰ চাইকেল আৰোহীজন ৷ ইফালে চাইকেল আৰোহী দাসক খুন্দা মাৰি ট্ৰেভেলাৰখনে পথৰ দাঁতিৰ দ-খাৱৈত বাগৰি পৰে ৷
এই দুৰ্ঘটনাত কেইবাজনো ট্ৰেভেলাৰখন যাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে ৷ বৰ্তমান আহত লোকসকলক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
লগতে পঢ়ক : One youth Killed in Road Accident : তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে দুই বাইক আৰোহীক