WATCH | Terrible road accident : নিয়ন্ত্ৰণ হেৰুৱাই খালত বাগৰি পৰিল বাইক;দুৰ্ঘটনাত নিহত দুজন,আহত দুজন
বৰপেটা,১৭জুন : সৰভোগত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই চাইকেল আৰু ই-ৰিস্কাক খুন্দিয়াৰ খালত বাগৰি পৰে বাইক । ফলত নিহত ২জন আৰু আহত ২জন হয় ।
আহত হোৱা বাইক আৰোহী দুজন বিজনী কাৱাটিকাৰ ছাইদুল ইছলাম বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাগ্ৰস্ত বাহনখন কলগাছিয়াৰ বলাই পাথাৰৰ ৰাজা আৰু বাবু সহ তিনি বন্ধু মিলি এখন বাইকত সৰভোগ দিশে আহি আছিল। সৰভোগ পোৱাৰ সময়তে সৰভোগ-আমগুৰি পথটোৰ মাজভাগত AS 15W 2066 বাইকখনে প্ৰথমে গেল্লেপাৰা গাৱৰ এজন বয়সীয়াল ব্যক্তিৰ চাইকেলখনত খুন্দিয়াই,তাৰপাছত এখন ই-ৰিস্কাক খুন্দিয়াই(Terrible road accident)।
যাৰ ফলত বাইকত থকা দুজন যুৱকৰ মৃত্যু হয় আৰু বিজনী কাৱাটিকাৰ ছাইদুল ইচলাম আহত হয়। আনফালে চাইকেলত থকা গেল্লেপাৰা গাঁৱৰ ব্যক্তিজনেও আহত হয়।
দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগেই ঘটনাস্থলীত সৰভোগ আৰক্ষী উপস্থিত হৈ নিহত আৰু আহত সকলোকে সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক : WATCH | Sonapur News :পুনৰ খিলঞ্জীয়া যুৱকক আক্ৰমণ বহিৰাগত ব্যক্তিৰ