Terrible explosion during entry at prastuti parashars stage : আৱাহন থিয়েটাৰৰ মঞ্চত ব্যৱহাৰ কৰা আতচবাজিৰ ফিৰিঙতি পৰি আঘাতপ্রাপ্ত এগৰাকী মহিলা আৰু এজন যুৱক
নিউজ ডেস্ক,১ছেপ্তেম্বৰ : পুনৰ ভ্ৰাম্যামাণৰ প্ৰেক্ষাগৃহত ভয়ংকৰ ঘটনা। এইবাৰ আগশাৰীৰ নাট্যদল আৱাহন থিয়েটাৰৰ প্ৰেক্ষাগৃহত ভয়ংকৰ ঘটনা। আৱাহন থিয়েটাৰৰ ‘মেডাম মেনকা’ নাটখনত ব্যৱহাৰ কৰা ফটকাৰ বিস্ফোৰণত আঘাতপ্ৰাপ্ত দৰ্শক(Terrible explosion during entry at prastuti parashars stage)।
আৱাহন থিয়েটাৰৰ মঞ্চত প্ৰস্তুতি পৰাশৰে বুলেট চলাই কৰিছিল প্ৰৱেশ আৰু তেনে সময়তে দৰ্শকৰ মাজতে বিস্ফোৰণ ঘটাইছিল ফটকা। সেই ফটকাৰ বিস্ফোৰণত এগৰাকী মহিলা আৰু এজন যুৱক আঘাত প্ৰাপ্ত হয়। ততাতৈয়াকৈ আহত মহিলাগৰাকীক সতীশ শৰ্মা মেমৰিয়েল চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আহত মহিলাগৰাকীৰ নাম জোনালী কলিতা (৩৬) বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত যুৱকজনৰ নাম নিশান্ত দাস।
জানিব পৰা অনুসৰি মহিলাগৰাকীয়ে মূৰত আৰু যুৱকজনে চকুত আঘাত পাইছে(Terrible explosion during entry at prastuti parashars stage,two people injured )।
আয়োজক সমিতিয়ে ঘটনা গাপ দিয়াৰ চেষ্ঠা কৰা বুলি উত্থাপন হৈছে অভিযোগ।
লগতে পঢ়ক : Milk prices increased by Rs 3 per litre in assam : আজিৰে পৰা বৃদ্ধি পালে গাখীৰৰ দাম