ভয়ংকৰ আক্ৰমন। দুৰ্বৃত্তৰ প্ৰহাৰত আহত দুই ভাতৃ
নিউজ ডেস্ক,২১ মাৰ্চঃ সাধাৰণ এটা মাৰপিটৰ ঘটনাই ললে ভয়ংকৰ ৰূপ। ডিমা হাছাওত ৪০ জনীয়া দুৰ্বৃত্ত দলৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুই ভাতৃ ।
শনিবাৰে দুপৰীয়া মাহুৰ বজাৰত লিটন পাল নামৰ এগৰাকী ব্যক্তিৰ সৈতে এগৰাকী জনজাতীয় যুৱকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। বজাৰত উপস্থিত থকা একাংশ ব্যৱসায়ীৰ মধ্যস্থতাৰ ফলত কাজিয়াৰ অন্ত পৰে যদিও একেদিনাই মাজনিশা প্ৰায় ১ মান বজাত ৪০ জনীয়া দুৰ্বৃত্তৰ এটা দলে লিটন পালৰ বাসগৃহত প্ৰৱেশ কৰি পালৰ লগতে ভাতৃক প্ৰহাৰ কৰে। মাহুৰ আৰক্ষীক এই ঘটনা সম্পৰ্কে জ্ঞাত কৰাৰ পিছতে
ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ লিটন পালৰ লগতে ভাতৃ প্ৰণৱজ্যোতি পালক উদ্ধাৰ কৰি উন্নত চিকিত্সাৰ বাবে হাফলং অসামৰিক চিকিত্সালয়লৈ প্ৰেৰণ কৰে । সম্প্ৰতি চিকিত্সাধীন অৱস্থাত আছে পাল ভাতৃদ্বয় ।ইতিমধ্যে এই ঘটনা সন্দৰ্ভত মাহুৰ আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰা কৰিছে পাল ভাতৃদ্বয়ে ।
ভয়ংকৰ আক্ৰমন। দুৰ্বৃত্তৰ প্ৰহাৰত আহত দুই ভাতৃ