Local, Vocal, Global

Watch | Teok protest: অবৈধ মাদক দ্ৰব্যৰ বিৰুদ্ধে টীয়কত আছাৰ প্ৰতিবাদ

টিয়ক : সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ টীয়ক আৰু চেলেংহাট আঞ্চলিক সমিতিৰ উদ্যোগত অবৈধ চুলাই মদ,ড্ৰাগছ আদি নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাৰ দাবীত টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

উক্ত কাৰ্যসূচীত চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে অনতি পলমে বিশেষকৈ বাগিছা অঞ্চলত অবৈধ নিচাযুক্ত সামগ্ৰী বিৰুদ্ধে আবকাৰী বিভাগক পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়।

উল্লেখযোগ্য যে সংগঠনটোৱে দাবী কৰিছে যে আজি এটা মাহৰ ভিতৰত টীয়ক অঞ্চলত মাদক দ্ৰব্য সেৱনৰ ফলত কেইবাখনো সংসাৰ শেষ হোৱাৰ লগতে মহিলা,দেৱশিশুকে ধৰি বহু নিৰীহৰ জীৱন সমাপ্ত হৈছে। বাৰম্বাৰ প্ৰশাসনক এই জলন্ত সমস্যাৰ বিষয়ে অৱগত কৰিছে যদিও আবকাৰী বিভাগে কমিচন তথা ৰাজহ সংগ্ৰহৰ খাটিৰত আজি পৰ্যন্ত কোনো পদক্ষেপ লোৱা নাই।

সেয়ে এইবাৰ এইখন শেষ স্মাৰক পত্ৰ বুলি মন্তব্য কৰি অহা সাতদিনৰ ভিতৰত প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৰাইজক লগত লৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰে আছাৰ নেতৃত্বই।

লগতে পঢ়ক : Watch | Dead body of an unidentified woman was recovered in the Gogoragh garden of Tezpur: শোনিতপুৰৰ তেজপুৰ ঘগৰা চহাবাগিচাত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ