WATCH | Teok News: টীয়কৰ চোচাবাটৰ শ্লুইচ গেটৰ নিৰ্মাণ খৰতকীয়া কৰাৰ দাবী
টীয়ক,৪মাৰ্চ : চোচাবাটৰ শ্লুইচ গেট নিৰ্মাণ খৰতকীয়া কৰিবৰ বাবে আছুৰ দাবী । পুৰণি টীয়ক তথা বৰ্তমানৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত জকাইচুক আৰু শিমলুগুৰিৰ শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা জল সম্পদ যোৰহাট সংমণ্ডলৰ কায্যবাহী অভিযন্তাক ১ মাৰ্চত শ্লুইচ গেট খনৰ মেৰামতিৰ কাম ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে ৷
মৰিয়নি সমষ্টিৰ অন্তগত চিন্তামনিগড় পঞ্চায়তৰ ব্ৰহ্মপুত্ৰৰ নদীৰ মথাউৰিত থকা চোচাবাট শ্লুইচ গেট খন বিভাগে মেৰামতিৰ কাম কোনো কাৰণত যাতে ক্ৰটি পূৰ্ণ নহয় তাৰ বাবে ছাত্ৰ সন্থা আৰু উন্নয়ন সমিতিয়ে নজৰ ৰখিছে৷ এই কামটো বাৰিষাৰ আগে আগে প্ৰাককলনৰ মতে মেৰামতি কৰি সম্পূৰ্ণ কৰিবৰ বাবে আহবান জনাই অন্যথা কাম সম্পূৰ্ণ নহ’লে চিন্তামনিগড়,ভগামুখ,পূৱ টীয়ক,বামুণপুখুৰী পঞ্চায়তকে ধৰি প্ৰায় ৩০ খন গাওঁ বাৰিষা জলমগ্ন হ’ব(Teok News)।
আনহাতে গেটৰ সন্মুখত প্ৰাক কলনত নাথাকিলেও শ্লুইচ গেটৰ অথাৎ পথাৰৰ ফালে জাৱৰ আহি প্ৰতি বছৰে গেটৰ সন্মুখ ভাগত জাৱৰ লাগি ধৰি পানী বন্ধ হৈ পৰে তাৰ বাবে গেটৰ সন্মুখত জাৱৰ আহিব নোৱাৰাকৈ স্থায়ী ৰেলিঙৰ ব্যৱস্থা কৰি দিব বাবে আহবান জনাইছে আছুৱে ৷ লগতে গেটৰ কামৰ লগতে সমান্তৰালভাৱে প্ৰাককলনত থকা নলা খন্দাৰ কামও আৰম্ভ কৰিবৰ বাবে দাবী জনাই আছুৱে। উল্লেখযোগ্য যে বিভাগীয় বিষয়া তথা ঠিকাদাৰ সন্থাৰ মাজত যোগাযোগৰ অভাৱৰ বাবে উক্ত কামটো হেমাহি হৈছে বুলি একাংশ ৰাইজে অভিযোগ তুলিছে।
লগতে পঢ়ক :WATCH | Teok News: সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাৰ কৰ্মবিৰতি