Local, Vocal, Global

Watch | Teok news: পবিত্ৰ ভাদ মাহৰ বাবে চটাই দক্ষিণপাট সত্ৰতো ভক্ত বৈষ্ণৱক আদৰিবলৈ সাজু

টীয়ক: ভক্তি, বিশ্বাস আৰু বৈষ্ণৱ সংস্কৃতিৰ আঁচল লৈ পুনৰ এবাৰ সমাগত হৈছে পবিত্ৰ ভাদ মাহ। এই মাহটোত অসমৰ বিভিন্ন নামঘৰ সত্ৰ সমূহত অনুষ্ঠিত হয় মাহজোৰা নাম, ভাগৱত পাঠ, কীৰ্তন, ভাওনা, গায়ন-বায়ন আদিৰে ভৰা নানান ধৰ্মীয় কাৰ্যসূচী।

ঠিক তেনেদৰে যোৰহাট জিলাৰ চটাই অৱস্থিত দক্ষিণপাট সত্ৰত প্ৰতি বছৰৰ দৰে আয়োজন কৰা হয় মাহজোৰা নাম প্ৰসংগ, ভাগৱত,গায়ন -বায়ন বিভিন্ন কাৰ্যসূচী । আগন্তুক ১৭ আগষ্ট ১ভাদৰ পৰা শুভাৰম্ভ হ’ব মাহজোৰা নাম প্ৰসংগ আৰু ১ আহিন‌ লৈ চলিব বিভিন্ন ধৰ্মীয় পৰম্পৰাৰে কাৰ্যসূচী।

এই ধাৰাবাহিকতা বজাই ৰাখি অসমৰ যি অসূয়া অশান্তি আছে ধৰ্মীয় মাধ্যমেৰে দুৰ হোৱাৰ কামনাৰে অখণ্ড পালনাম অনুষ্ঠান ১৭ ছেপ্টেম্বৰলৈকে অব্যাহত থাকিব। মাহজোৰা নামৰ অনুষ্ঠানৰত ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা আগমন ঘটে ভক্ত বৈষ্ণৱ সকল।

ভাদমাহত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ গুৰু দুজনাৰ আদৰ্শ শিৰত চলি থাকিব ধৰ্মীয় পৰম্পৰা। ইতিমধ্যে ৰাইজৰ সেৱাৰ বাবে সত্ৰৰ সত্ৰাধিকাৰ ননীগোগাল দেৱ গোস্বামীয়ে ভাদ মহীয়া নামৰ যোগেদি অসমৰ প্ৰতিজন ৰাইজৰ কষুল মনোবাঞ্ছা কামনা কৰা লগতে এই অনুষ্ঠান কেৱল ধৰ্মীয় বিশ্বাসৰ পৰিসৰতেই সীমাবদ্ধ নহয়, ই হৈছে গাঁও সমাজৰ ঐক্য, অসমীয়াৰ পৰস্পৰ সহযোগিতা আৰু বৈষ্ণৱ আধ্যাত্মিকতাৰ এক সুন্দৰ নিদৰ্শন বুলি জানিবলৈ দিয়ে।