Local, Vocal, Global

WATCH | Teok News : টীয়ক পৌৰসভাৰ লাখটকীয়া ভেণ্ডিং জ’ন এতিয়া পানীৰ তলত !

টীয়ক,২৪জুন : টীয়কত টীয়ক পৌৰসভাই পদপথ বিক্ৰেতাৰ বাবে বাৰ লাখ তেসত্তৰ হাজাৰ টকাৰ ব্যয় সাপেক্ষে ১৪ তম বিত্ত আয়োগৰ অধীনত ২০১৮-১৯ বছৰৰ ১ম কিস্তিৰ অনুদানেৰে নগৰৰ মাজমজিয়াত ৯৪ মিটাৰ দৈৰ্ঘ্যৰ এটি ভেণ্ডিং জ’ন নিৰ্মাণৰ আবন্টন দিছিল আৰু ২০২১ চনত এই কাম সম্পূৰ্ণ কৰিছিল।

আশা কৰিছিল এই ভেণ্ডিং জ’নে ( বিক্ৰী এলেকা)ৰ উন্নয়নে পদপথ বিক্ৰেতাসকলৰ ব্যৱসায়িক পৰিৱেশ উন্নত কৰি টীয়কবাসীৰ বাবে শৃংখলাপূৰ্ণ আৰু পৰিষ্কাৰ পৰিবেশত বজাৰ মুকলি হ’ব।কিন্তু বৰ্তমানে এই ভেণ্ডিং জ’ন বাৰিষা পানীত বুৰ গৈ আছে। অপৰিকল্পিতভাবে নিৰ্মাণ কৰা এই ভেণ্ডিং জ’ন তেতিয়াৰে পৰা অব্যৱহৃত হৈ পৰি আছে(Teok News)।

বাৰিষাৰ প্ৰথমটো বৰষুণতে চলাৰ লাইট সহ অনান্য সুবিধাযুক্ত অত্যাধুনিক এই জ’নটোত একাঠু পানী,নিৰ্মাণৰ কিছু দিনৰ পাছতে বিকল হ’ল চলাৰ লাইট।ইপিনে নিতৌ চাৰিলেনযুক্ত পথৰ কাষৰ পদপথৰ ব্যৱসায়ীসকলক পৌৰসভাই উঠাই পঠোৱাত ব্যস্ত যদিও ক্ষুদ্ৰ ব্যৱসায়ীসকলক কোনো নিদিষ্ট স্থান নিৰূপণ কৰি নিদিয়াৰ ফলত পথৰ দাঁতিতে প্ৰতিদিনে বহিছে বজাৰ যাৰ ফলত ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ শংকা প্ৰকট হৈছে।

উল্লেখযোগ্য যে উক্ত জ’নটো নিমাৰ্ণৰ সময়তে ৰাইজে নিৰ্মাণৰ কাৰ্যত থকা আসোঁৱাহ দেখুৱাই দিছিল যদিও পৌৰসভাই কাৰো অভিযোগৰ প্ৰতি ভ্ৰুক্ষেপ নকৰি ঠিকাদাৰৰ সৈতে গোপন বুজাবুজিৰে কাম সম্পূৰ্ণ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এয়া পৌৰসভাই চৰকাৰী ধনৰ অপচয়ৰ শ্ৰাদ্ধ পাতিছে বুলি মন্তব্য কৰিছে স্থানীয় জনতাই।

লগতে পঢ়ক : WATCH | Cachar News : গুটখা খাই মৃত্যু আৰক্ষী বিষয়াৰ