Local, Vocal, Global

WATCH | Teok News : টীয়কত অংগনবাড়ী কৰ্মীক আনুষ্ঠানিকভাৱে স্মাৰ্ট ফোন প্ৰদান

টীয়ক,২৩জুন : অসমৰ মুখ্যমন্ত্ৰীৰ অভিলাষী আচঁনি অংগনবাড়ী কৰ্মীক স্মাৰ্ট ফোন প্ৰদান অনুষ্ঠানটি আজি মৰিয়নি সমষ্টিৰ অন্তৰ্গত বলমা চন্দ্ৰকমল বেজবৰুৱা হৰি মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত হয়।

উক্ত কাৰ্যসূচীত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উপস্থিতিত কলিয়াপানী আৰু পূব যোৰহাট দুয়োটা প্ৰকল্পৰ অধীনৰ প্ৰায় ২৫৫ গৰাকী অংগণবাড়ী কৰ্মীক আনুষ্ঠানিকভাৱে মোবাইল ফোন প্ৰদান কৰা হয়(Teok News)।

উল্লেখযোগ্য যে অংগণবাড়ী কৰ্মীসকলে বিভিন্ন কাৰ্যালয়ৰ কাম-কাজত বিগত সময়চোৱাত কাগজ লিখি অনলাইন কৰিবলগীয়া হয় যাৰ বাবে বহু ক্ষেত্ৰত অৰ্থৰ ব্যয়ৰ লগতে সময়ো যথেষ্ট প্ৰয়োজন হয়,অৱশ্যে এতিয়া এই স্মাৰ্ট ফোনৰ জড়িয়তে কৰ্মীসকলে কাৰ্যালয়ৰ সকলো কামকাজ অতি সোণকালে সূচাৰুৰূপে চলাই নিব পাৰিব বুলি আশাবাদী সকলো। লগতে বৰ্তমান চৰকাৰে এইসকল কৰ্মীৰ বাবে জীৱন বীমাকে ধৰি অনান্য আঁচনিৰ অন্তভুক্ত কৰাৰ যি প্ৰয়াস কৰিছে সেয়া অতি জৰুৰী বুলি সদৰি কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

ইপিনে চৰকাৰে অংগনবাড়ী কৰ্মীৰ পাৰিতোষিকৰ ক্ষেত্ৰত যি সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে তাক লৈ অধিক উৎসাহিত হৈ পৰিছে কৰ্মীসকল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে।

লগতে পঢ়ক :WATCH | Biswanath News : বিশ্বনাথ জিলা চিকিৎসালয়ত কৃত্ৰিম বান