Local, Vocal, Global

WATCH | Teok News: পূব যোৰহাটৰ ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰচেষ্টা

টিয়ক,৪মাৰ্চ : পূব যোৰহাটৰ ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰচেষ্টা। বিদ্যালয়খনৰ চৌহদত জৈৱিক পদ্ধতিৰে উৎপাদন শাক-পাচলি। নিজে উৎপাদন কৰা শাক-পাচলিৰে মধ্যাহ্ন ভোজন কৰোৱা হয় শিক্ষাৰ্থীক।

পূব যোৰহাটৰ ৰাজৈ প্ৰাথমিক বিদ্যালয়খন যোৰহাট জিলাৰ এখন আগশাৰীৰ বিদ্যালয় হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। এই বিদ্যালয়খনে বাগিচা অঞ্চলৰ ২০৪ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ১০ গৰাকী শিক্ষক -শিক্ষয়িত্ৰীৰে এখন সু শৃংখলিত বিদ্যালয় হিচাপে শিক্ষাৰ দিশটো আগবঢ়াই নিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে(Teok News)।

ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ত ২০১৬ চনৰ পৰাই এখন জৈৱিক শাকনি বাৰী স্থাপন কৰি বৰ্তমানলৈকে নিয়মীতভাৱে শাক -পাচলি উৎপাদন কৰে। এই শাকনি বাৰীৰে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনটো গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছে। সম্পূৰ্ণ চাহ জনগোষ্ঠীৰ ছাত্ৰ -ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰা অতি অনগ্ৰসৰ আৰু নিৰক্ষৰ সকলক বিদ্যালয়খনৰ কৰ্মৰাজীয়ে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে।এই বিদ্যালয়খনত প্ৰধান কৃতি শিক্ষক নিৰঞ্জন ভূঞাই জানিবলৈ দিয়া মতে বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।‌

তিনি বছৰ বিদ্যালয় পৰিচালনা সমিতিৰ শ্ৰেষ্ঠ বঁটা, যোৰহাট জিলাৰ নিটেনচন গাৰ্ডেন বঁটা, শ্ৰমিক কল্যাণ দিৱস বঁটা লাভ কৰাৰ উপৰিও গুণোৎসৱ সমূহত A গ্ৰেড পাই বিদ্যালয়খনে সুনাম কঢ়িয়াই আনিছে। বিদ্যালয়খনৰ চৌহদৰ আবাদী মাটিসমূহ সুন্দৰভাৱে সুৰক্ষিত কৰি বাৰিষা খৰালি দুয়োটা সময়তে ৰবি শস্য উৎপাদন কৰি ছাত্ৰ-ছাত্ৰী সকলক কৃষি কৰ্মৰ প্ৰতি আকৰ্ষিত কৰে। এই বিদ্যালয়খনৰ কম্পিউটাৰ শিক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ ডিজিটেল ক্লাচৰুমৰ বাবে শিক্ষা মন্ত্ৰীয়ে ১১,৭৫,০০০ টকা অনুদান আগবঢ়াইছিল যদিও আজি পৰ্যন্ত বিদ্যালয়লৈ মুকলি কৰি দিয়া নাই। ই মেল যোগে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা মন্ত্ৰীলৈ পঠিওৱাৰ পিছত শিক্ষা মন্ত্ৰীয়েও ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি সহাৰি জনাই ২০০ ৰো অধিক শিক্ষাৰ্থী থকা বিদ্যালয় গৃহটি ন ৰূপত সজাই দিব বুলি ছাত্ৰ -ছাত্ৰীসকলে আশাৰে বাট চাই আছে।

বৰ্তমান ডিজিটেল যোগাযোগ মাধ্যম বিষয়ত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা আৰু অধ্যয়নত ব্যস্ত থকা দেখা গৈছে।‌অনাগত দিনত এই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক -শিক্ষয়িত্ৰীসকলে বাগিচা অঞ্চলত সুনাম অৰ্জন কৰিবলৈ বুলি আশাবাদী।

লগতে পঢ়ক :WATCH | Dhemaji News : কাজিয়া মাটিত পকী পথ বিচাৰি ক্ষোভ প্ৰকাশ ৰাইজৰ