WATCH | Teok News : মুখা শিল্পৰ জড়িয়তে জনপ্ৰিয়তা লাভ কৰিছে টীয়কৰ দিপাংকৰ গগৈ
টীয়ক,২৩জুন : এজন সাধাৰণ যুৱকৰ অসাধাৰণ প্ৰতিভাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। হয়,এইগৰাকী যুৱকৰ নাম দিপাংকৰ গগৈ। সৰুৰে পৰা নিজে কিবা এটা কৰাৰ মানসেৰে ছবি অঁকাৰ লগতে বিভিন্ন শিল্পৰ সৈতে নিজকে জড়িত কৰি শেহতীয়াকৈ ২০১৭ চনৰ পৰা মহাপুৰুষীয়া কৃষ্টিৰ অনবদ্য সৃষ্টি মুখা শিল্পৰ সৈতে জড়িত হৈ বৰ্তমান এই শিল্পকে জীৱন জীৱিকাৰ পথ হিচাপে বিবেচনা কৰিছে দিপাংকৰে।
বাঁহ,বেতেৰে বিভিন্ন সময়ত ৰাস,ভাওনা আদিত প্ৰয়োজনীয় মুখাৰ লগতে চিমেন্টেৰেও বিভিন্ন মুখা প্ৰস্তুত কৰিছে এইগৰাকী উদিয়মান শিল্পীয়ে।লগতে প্ৰয়োজন সাপেক্ষে নিজে এইসমূহ মুখা নিজে পৰিধান কৰি ৰাইজৰ আগত প্ৰদৰ্শন কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে দিপাংকৰে(Teok News)।
উল্লেখযোগ্য যে তামুলীচিগা দুলীয়া গাঁৱত নিজৰ গৃহতে নীলকন্ঠ শিল্প উদ্যোগ নামেৰে এই উদ্যোগ স্থাপন কৰি এইগৰাকী শিল্পীয়ে ইতিমধ্যে অসমৰ বিভিন্ন স্থানৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত মুখা শিল্প প্ৰদৰ্শনৰ লগতে ৰূপসজ্জাৰ শিল্পী হিচাপেও নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। অৱশ্যে চাহিদা অনুসৰি আৰ্থিক দিনতাৰ বাবে আগবাঢ়িব পৰা নাই দিপাংকৰ।
সেয়ে অসমীয়াৰ অন্যতম চহকী সংস্কৃতি মুখা শিল্পক জীয়াই ৰখাৰ স্বাৰ্থত তথা তেওঁৰ লগত জড়িত আন আন শিল্পীসকলৰ জীৱন জীৱিকাৰ একমাত্ৰ পথটিত আগুৱাই যাবলৈ চৰকাৰীভাৱে কিঞ্চিত সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰক আহ্বান জনাইছে।
লগতে পঢ়ক : WATCH | Barpeta News : বৰপেটাৰোডত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কৃৰ্তী শিক্ষাৰ্থী সকলক সম্বৰ্ধনা জ্ঞাপন