Local, Vocal, Global

WATCH | Teok News : কাকজান আৰোহণ একাডেমীত যোগ দিৱস উদযাপন

টীয়ক.২১জুন : আজি আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস।সমগ্ৰ বিশ্বই আজি উদযাপন কৰিছে যোগ দিৱস। এয়া কাকজানৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান আৰোহণ একাডেমী চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পৰিবেশ।

যোগ দিৱস উপলক্ষে পুৱা এইদৰে অভিজ্ঞ প্ৰশিক্ষকৰ তত্বাবধানত এইদৰে যোগাসন প্ৰাণায়ম কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যোগ্য যে আজিৰ এই বিশেষ দিনটো আৰোহণ একাডেমীৰ ১৫ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই লৈ যোগ দিৱস উপলক্ষত প্ৰথমে যোগাসনৰ চৰ্চাৰে আৰম্ভ কৰিছে দিনযোৰা কাৰ্যসূচীৰ(Teok News)।

ইপিনে যোগ প্ৰশিক্ষক নৱজ্যোতি বৰাই ছাত্ৰ ছাত্ৰীসকলক যোগ প্ৰশিক্ষণ প্ৰদান কৰাৰ সমান্তৰালকৈ যোগ শিক্ষাও কিদৰে দৈনন্দিন জীৱনত প্ৰভাৱ পেলাই অৰ্থাৎ কিদৰে শৰীৰ মন মগজু সুস্থ কৰি ৰাখিব পাৰি তাৰ ওপৰত মন্তব্য প্ৰদানেৰে উপস্থিত সকলোকে সজাগ কৰাৰ লগতে প্ৰতিটো দিনতে যোগাসন অভ্যাস কৰিবলৈ সকলোকে আহ্বান জনায়।

লগতে পঢ়ক : WATCH | International Yoga Day : দেৰগাঁও দক্ষিণ উন্নয়ন খণ্ড কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত দেৰগাঁও সমজিলা ভিত্তিত যোগ দিৱস