Local, Vocal, Global

WATCH | Teok News : পূৱ যোৰহাটৰ ঢেকীয়াখোৱাৰ সীমান্ত বৰাই খোল বাদন, বৰগীতৰে বিভিন্ন সন্মান বুটলিবলৈ সক্ষম হৈছে

টীয়ক,১১জুন : শংকৰী সংস্কৃতিক অন্যান্য প্ৰয়াসেৰে ৰাইজৰ মৰম, তথা সন্মান লাভ কৰিবলৈ সক্ষম হৈছে যোৰহাট জিলাৰ ঢেকীয়াখোৱাৰ লুকুমাই চুকৰ উদীয়মান যুৱক সীমান্ত বৰাই।

সৰুৰে পৰাই সাংস্কৃতি ক্ষেত্ৰ খনৰ লগত জড়িত হৈ সীমান্ত ই অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বাহিৰতো সন্মান বুটলিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, খোল বাদন, বৰগীত, ভাওনা,অংকীয়া নাট অভিনয় ৰে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে সীমান্তই(Teok News)।

সীমান্তই জানিবলৈ দিয়া অনুসৰি, ছয় বছৰ বয়সৰ পৰাই এই সাংস্কৃতিক ক্ষেত্ৰ খনত ভৰি দিয়াৰ লগতে মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ গুৰু মণি বৰা আৰু অধ্যাপক প্ৰফুল্ল বৰা বৰবায়নৰ ওচৰত শংকৰী সংস্কৃতি শিক্ষা গ্ৰহণ কৰি ৰাজ্য খনৰ সমান্তৰাল ভাৱে এইবাৰ উত্তৰ প্ৰদেশৰ কুম্ভমেলাত কলা গ্ৰামত সাংস্কৃতিক পৰিবেশন প্ৰদৰ্শন কৰা লগতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ দিল্লীৰ অধীনত অংকীয়া নাট পৰিৱেশন অংশ গ্ৰহণ কৰিছে সীমান্তই ।

ঢেকীয়াখোৱা লুকুমাই চুকৰ পিতৃ নিৰ্মল বৰা আৰু মাতৃ ৰিজুমনি বৰাৰ সন্তান সীমান্তয়ে স্নাতকোত্তৰ ডিগ্ৰী শিক্ষা গ্ৰহণ কৰি থকা লগতে পশু পালন বিভাগৰ এগৰাকী অস্থায়ী কৰ্মচাৰী হিচাপে ও জড়িত হৈ আছে।

লগতে পঢ়ক :WATCH | Sonari News : আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি সোণাৰিত যোগ প্রতিযোগিতা