WATCH | Teok News : টীয়কত গছপুলি ৰোপণ কাৰ্যসূচী
টীয়ক,৬জুন : মধ্য যোৰহাট আঞ্চলিক সমিতিৰ উদ্যোগত ‘সলালবাৰী শাখা আতিথ্যত ‘ বৃহস্পতি বাৰে গোহাঁই গাঁৱৰ সলালবাৰী ৰঙ্গ মঞ্চত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ এখন সভা সম্পন্ন হয়।
সভাত ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সমস্যা সমূ্হৰ ওপৰত বিশদ আলোচনা আৰু ইয়াৰ নিৰাময় বাবে সংগঠনৰ প্ৰাসংগিকতা আৰু সমাধানৰ ওপৰত পৰ্যালোচনা কৰা হয়। সভাত ভাৰতীয় চাহ বৰ্ডৰ যোৰহাট আঞ্চলিকৰ সহকাৰী সঞ্চালিকা সৰ্বৰী চৌধুৰী গোহাঁই উপস্থিত থাকি ক্ষুদ্ৰ চাহ খেতিয়ক সকলে পাব পৰা সা সুবিধা সম্পৰ্কে বহুমুলীয়া বক্তব্য দাঙি ধৰে(Teok News)।
উক্ত সাংগঠনিক সভাত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি সলালবাৰী ৰংগ মঞ্চৰ আশে পাশে পথছোৱাত এটি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়।
মধ্য যোৰহাট আঞ্চলিক সমিতিৰ উপদেষ্টা দ্ৰোণকান্ত বৰগোহাঁই, পৰিবেশ সচেতন ব্যক্তি তপন হাতী বৰুৱা প্ৰাক্তন শাখাৰ উপদেষ্টা বৈকুণ্ঠ বৰগোহাঁই গছপুলি ৰোপণ কাৰ্যসূচী পালন কৰা পাছতে সাংগঠনিক সভা খনত সভাপতিত্ব কৰে বিপ্লৱ চেতিয়া আৰু আদৰণি ভাষণ দীপ বৰগোহাঁই আগবঢ়োৱাৰ লগতে উপস্থিত থাকে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলা সমিতিৰ সভাপতি জীৱন শইকীয়া, সম্পাদক কৃষ্ণ প্ৰসাদ শৰ্মা ,কেন্দ্ৰীয় সমিতিৰ দুৰ্লভ বৰা , জিলা সহ সম্পাদক উজ্বল শইকীয়া, সদস্য প্ৰদীপ ফুকন, অজিত দোলাকাষৰীয়া,সাংগঠনিক সম্পাদক ভদ্ৰেশ্বৰ বুঢ়াগোহাঁই,আঞ্চলিক সমিতিৰ সম্পাদক প্ৰাচুৰ্য ফুকন, উপস্থিত থাকি সহযোগিতাত আগবঢ়ায়।