WATCH | Teok News : দুৰাৰোগ্য ৰোগত আক্ৰান্ত বিশেষ ভাৱে অক্ষম এটি কিশোৰ
টীয়ক,৩১মে’ : কাকজান ঢেকীয়াখোৱাৰ জোনাই চুক অঞ্চলৰ বিশেষ ভাৱে অক্ষম এটি কিশোৰ আজি কেইবছৰমান আগৰ পৰাই দুৰাৰোগ্য ৰোগত ভুগি আছে। দুৰাৰোগ্য ৰোগত আক্ৰান্ত ১৬ বছৰীয়া কিশোৰজন হৈছে কাকজান তিনি কুৰীয়াত জন্ম গ্ৰহণ কৰা পিতৃ বুবু বৰা আৰু মাতৃ জোস্মী বৰাৰ সন্তান ভাগৱ জ্যোতি বৰা(Teok News)।
জন্ম এবছৰ পৰাই ঢেকীয়াখোৱা জোনাই চুকৰ ককাকৰ ঘৰত থাকি দাঙৰ দীঘল হোৱা ভাগৱে ঢেকীয়াখোৱা চাওখাত হাইস্কুলত শিক্ষা গ্ৰহণ কৰিছিল যদিও ১০ বছৰ মান আগৰে পৰাই জটিল ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়, কাৰ্বি-আংলং, যোৰহাট আদি কৰি বহু চিকিৎসালয়ত চিকিৎসা গ্ৰহন কৰিছিল যদিও বৰ্তমান কিশোৰ জন সম্পূৰ্ণ ৰূপে অকামিলা হৈ পৰি দুবছৰ ধৰি খোজ কাঢ়িব নোৱাৰে।
জন্মৰে পৰাই কিছু শাৰীৰিক প্ৰতিবন্ধকতা আছিল যদিও বৰ্তমান সম্পূৰ্ণ ৰূপে অক্ষম হৈ পৰিল কিশোৰ জন। ককাকৰ ঘৰত থকা দিন হাজিৰা কৰা পৰিয়ালটো ,পিতৃ-মাতৃ এতিয়া ভাগৱক লৈ চিন্তিত হৈ পৰিছে।
সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ক কিশোৰ জনৰ উন্নত চিকিৎসা বিচাৰি আহ্বান জনোৱাৰ লগতে ব্যক্তি বিশেষ ,দল,সংগঠনৰ সহায় বিচাৰি পৰিয়াল টোৱে আহ্বান জনাইছে। কোনো ইচ্ছুক ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে 6001456241 নম্বৰত যোগাযোগ কৰিব পাৰিব।
লগতে পঢ়ক : WATCH | Nagaon News : গাঁও জিলা চকীটুপ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন