WATCH |Teok News: টীয়কৰ মেলেঙস্থিত বীৰ লাচিত বৰফুকন ক্ষেত্ৰত অসম খিলঞ্জীয়া দিৱস উদযাপন
টিয়ক,২৪ফেব্ৰুৱাৰী : আজি ২৪ ফ্ৰেব্ৰুৱাৰী। অসমত খিলঞ্জীয়াৰ অতিস্ত ৰক্ষাৰ ক্ষেত্ৰত আপোচবিহীন সংগ্ৰাম চলাই যোৱা অন্যতম সংগঠন বীৰ লাচিত সেনা অসমে আজিৰ পৰা উক্ত দিনটো অসম খিলঞ্জীয়া দিৱস হিচাপে ঘোষণা কৰি আজি পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিছে খিলঞ্জীয়া দিৱস(Teok News)।
পুৱা পতাকা উত্তোলন,লাচিতৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন আদি বিভিন্ন কাৰ্যসূচীৰ পাছত হেঙদাং পূজন কাৰ্যসূচী সমাপন কৰি অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫০০০ সৈনিকৰ সহযোগত এক শোভাযাত্ৰা বাহিৰ কৰে। জয় আই অসম,খিলঞ্জীয়াৰ স্বাৰ্থ সদায় আগত,বীৰ লাচিত সেনাৰ জয় আদি ধ্বনিৰে উত্তাল কৰিছে আকাশ বতাহ।
উল্লেখযোগ্য অসমত সদায় প্ৰতি ক্ষেত্ৰত প্ৰথম খিলঞ্জীয়াই অগ্ৰাধিকাৰ পাবি লাগিব বুলি আজি সকলোৱে সংকল্প গ্ৰহণ কৰি ইয়াণ্ডাবু চুক্তিৰ ভিত্তিত অহা ২৬ ত অসম খিলঞ্জীয়া দিৱসৰ ২০০ বছৰীয়া জয়ন্তী উদযাপন কৰিব বুলি মত প্ৰকাশ কৰে।
লগতে যিসমূহ অশুভ শক্তিয়ে বৰ্তমান ৰাজ্যখনত জাতি ভেদ তথা জনগোষ্ঠীসমূহৰ মাজত থকা ঐক্যতাক বিনষ্ট কৰিবলৈ উঠি পৰি লাগিছে আজিৰ উক্ত স্থানৰ পৰাই সকিয়নি প্ৰদান কৰি অনাগত দিনত এনেবোৰ শক্তিৰ বিৰুদ্ধে অধিক সৰব হোৱাৰ সংকল্প লয় বীৰ লাচিত সেনাৰ সৈনিকসকলে।
লগতে পঢ়ক :WATCH | Maulana Badruddin Ajmal: জাতীয় নাৰী বাহিনীৰ সম্পাদিকা মমী ৰায় চৌধুৰীয়ে দাখিল কৰে এজাহাৰ