Local, Vocal, Global

WATCH | Teok News : অখিল গগৈক উভতি ধৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

টীয়ক,২৮এপ্ৰিল : অখিল গগৈৰ সাহস নাই,সমষ্টিৰ ভৌগলিক জ্ঞান নাই বাবে প্ৰাৰ্থীও দিব পৰা নাই” /দিন ৰাতি একাকাৰ কৰি প্ৰাৰ্থীসকলক লগত লৈ পঞ্চায়তে পঞ্চায়তে বিধায়ক ৰূপজ্যোতি

সমাগত পঞ্চায়ত নিৰ্বাচন। ইতিমধ্যে সকলো ৰাজনৈতিক দলৰ ব্যস্ততা বৃদ্ধি পাইছে। দলীয় বাঘা বাঘা নেতাই নিজ নিজ সমৰ্থিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰ তুংগত চলাইছে। ব্যতিক্ৰম নহয় মৰিয়নি সমষ্টিৰ জনপ্ৰিয় বিধায়ক ৰূপজ্যোতি কুৰ্মীও।দিন ৰাতি একাকাৰ কৰি দলীয় প্ৰাৰ্থীৰ হৈ পঞ্চায়তে পঞ্চায়তে উপস্থিত হৈ প্ৰচাৰ অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে অগপৰ সৈতে মিত্ৰজোঁটৰ আছে যদিও মৰিয়নি সমষ্টিৰ অন্তৰ্গত বৰপুখুৰী জিলা পৰিষদ আৰু বলমা জিলা পৰিষদত বিজেপি আৰু অগপই বন্ধুত্বমূলকভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে যাক লৈ ৰূপজ্যোতি কুৰ্মী অধিক তৎপৰ হৈ পৰিছে আৰু দুয়োটা জিলা পৰিষদৰ দলীয় প্ৰাৰ্থীৰ সৈতে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে(Teok News)।

এয়া বামুণপুখুৰী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী সীমান্ত গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা। উক্ত সভাত বিধায়ক ৰূপজ্যোতি উপস্থিত হৈ চৰকাৰৰ উন্নয়ন অক্ষুণ্ণ ৰাখিবলৈ তথা নানা আঁচনিৰ লাভালাভ সুদীৰ্ঘ কাল পাবলৈ চৰকাৰৰ পক্ষত বিজেপিক ভোট দিবলৈ আহ্বান জনায়। ইপিনে গৌৰৱ গগৈ অখিল গগৈক সমালোচনা কৰি বৰ্তমান মৰিয়নি সমষ্টিৰ অনান্য দলৰ অধিক ৰাইজ বিজেপি দলত যোগদান কৰিছে বুলি মন্তব্য কৰি এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে কোনো প্ৰতিদ্বন্দিতা নহয় বুলি উল্লেখ কৰে।

ইপিনে বামুণপুখুৰীৰ জিলা পৰিষদৰ প্ৰাৰ্থী সীমান্ত গগৈয়ে কয় যে মিত্ৰজোঁটৰ নাই যদিও তেওঁৰ বিজয় এশ শতাংশ নিশ্চিত।ৰাইজৰ সহাৰিয়ে ইতিমধ্যে তাক প্ৰমাণ কৰিছে আৰু আমাৰ কোনোবা যে প্ৰতিদ্বন্দি আছে এই মূহুতলৈকে উপলব্ধি কৰা নাই।

লগতে পঢ়ক : WATCH | Gaurav Gogoi : টীয়কৰ বলমাত সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী সভা