Local, Vocal, Global

WATCH | Teok News : ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪ নং টীয়ক জিলা পৰিষদৰ সীমা গগৈ আৰু ১১ নং উত্তৰ হোলোঙাপাৰ অনন্ত বৰাৰ নিৰ্বাচনী তৎপৰতা

টীয়ক,২১এপ্ৰিল : টীয়কত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা । ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪ নং টীয়ক জিলা পৰিষদৰ সদস্য সীমা গগৈ আৰু ১১ নং উত্তৰ হোলোঙাপাৰৰ প্ৰাৰ্থী অনন্ত বৰাই নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰি ৰাইজৰ মাজত সোমাই পৰিছে(Teok News)।‌

কংগ্ৰেছে দুৰ্গ খ্যাত উত্তৰ হোলোঙাপাৰ জিলা পৰিষদ খন বহু বছৰ কংগ্ৰেছৰ দখলত আছে এইবছৰ কংগ্ৰেছৰ প্ৰাৰ্থী অনন্ত বৰা আৰু বিজেপি দলৰ প্ৰাৰ্থী ৰূপক শইকীয়াৰ মাজত মূল যুঁজখন অনুষ্ঠিত হ’ব। দুয়োটা দলে নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰিছে।

আনহাতে ৪ নং টীয়ক জিলা পৰিষদ খনৰ কংগ্ৰেছ দলৰ সৱল প্ৰাৰ্থী সীমা গগৈ আৰু অগপৰ প্ৰাৰ্থী জুৰি শইকীয়াৰ মাজত জিলা পৰিষদৰ প্ৰাৰ্থীত্ব মূল যুঁজ খন অনুষ্ঠিত হ’ব। বৰ্তমান কংগ্ৰেছ দলে কাকজান আৰু মেলেং বালি চাপৰি পঞ্চায়ত নিজৰ দখলত ব্যাপক নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰি ৰাইজৰ মাজত সোমাই পৰিছে।

লগতে পঢ়ক :