WATCH | Teok News : পূব যোৰহাট মণ্ডলৰ আঞ্চলিক সদস্য দেবাশিষ সেনাপতি নিৰ্বাচনী তৎপৰতা
টীয়ক,১৯এপ্ৰিল : ১০০ নং যোৰহাট সমষ্টিৰ অন্তৰ্গত মধ্য যোৰহাট আঞ্চলিক পঞ্চায়তৰ বিজেপি দলৰ প্ৰাৰ্থী হিচাপে দেবাশিষ সেনাপতিয়ে সামাজিক ক্ষেত্ৰত জড়িত হৈ অঞ্চলটোৰ এগৰাকী প্ৰতিষ্ঠিত যুৱ প্ৰতিভাৱান হিচাপে এইবাৰ পঞ্চায়তৰ নিৰ্বাচনত মনোনীত হৈছে(Teok News)।
উল্লেখ যে কাকজান মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা ,পূব যোৰহাট মণ্ডলৰ উপ সভাপতি লগতে অঞ্চলটোৰ প্ৰতিটো ক্ষেত্ৰত সমাজ দৰদী যুৱক হিচাপে জনপ্ৰিয় এজন যুৱক। এইবাৰ নিৰ্বাচনত বিজেপি,অগপ দলৰ সন্মিলিত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিব । প্ৰায় ৫০০০ ৰো অধিক ভোটত আঞ্চলিক পঞ্চায়তৰ প্ৰতিদ্বন্দ্বী হিচাপে অনাগত দিনত ৰাইজৰ হকে কাম কৰা সংকল্পবদ্ধ হ’বলৈ আগবাঢ়ি আহিছে। সততা আৰু নিষ্ঠাৰে কাম কৰা যুৱকজনৰ জয় যুক্ত হ’বলৈ ৰাইজে কামনা কৰিছে।
লগতে পঢ়ক : WATCH | Dibrughar News : মুৰ্চিবাদৰ ঘটনাৰ বিৰুদ্ধে ডিব্ৰুগড়ত প্ৰতিবাদ