Local, Vocal, Global

WATCH | Teok News : টীয়কৰ জ্যোতি বিদ্যাপীঠৰ শিক্ষাৰ্থীয়ে জাতীয় সাজ-পাৰ পৰিধান কৰি পালন কৰিলে বিহু

টীয়ক,১৭এপ্ৰিল : টীয়কৰ জ্যোতি বিদ্যাপীঠৰ শিক্ষাৰ্থীয়ে জাতীয় সাজ-পাৰ পৰিধান কৰি পালন কৰিলে বিহু।

যোৰহাট জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান টীয়কৰ জ্যোতি বিদ্যাপীঠে বিহু উপলক্ষে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে।

বিহুৰ বন্ধৰ পাছত বৃহস্পতিবাৰে অৰ্থাৎ আজি বিদ্যালয় খোলাৰ প্ৰথম দিনটোত সকলো ছাত্ৰ-ছাত্ৰীক জাতীয় পৰম্পৰাগত সাজেৰে বিদ্যালয়লৈ আহিছে।বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকলোৱে ইজনে সিজনক বিহুৰ ওলগ জনাইছে।

পাঠদান আৰম্ভৰ পূৰ্বে জাতীয় সাজপাৰে প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলে নিজৰ শ্ৰেণীকোঠাত গুৰুক সেৱা কৰি আশীৰ্বাদ গ্ৰহণ কৰিছে(Teok News)।

উল্লেখযোগ্য যে সৰুৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক নিজৰ জাতীয় কৃষ্টি-সংস্কৃতিৰ বিষয়ে অৱগত কৰি অনাগত দিনবোৰত অসমীয়াৰ স্বাভিমান বিহুটিক হৃদয়ত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এই পৰিৱেশ সৃষ্টি কৰা হৈছে বুলি মন্তব্য কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।ইপিনে পাঠদানৰ পাছতে বিদ্যালয়ৰ খেল পথাৰত শিক্ষক-ছাত্ৰ-ছাত্ৰী সকলোৱে একেলগে বিহু মৰিছে য’ত অভিভাৱকসকলেও বিদ্যালয়ৰ এই উদ্যোগক সমৰ্থন জনাই সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক : WATCH | One killed in wild Elephant attack: বকোত বন্যহস্তীৰ আক্ৰমণত নিহত এজন