Local, Vocal, Global

WATCH | Teok News : ঢেকীয়াখোৱা বৰ নামঘৰত পালনাম আৰু বৰ সবাহৰ সম্পন্ন

টীয়ক,১২এপ্ৰিল : শ্ৰী শ্ৰী মাধৱদেৱ‌ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰ নামঘৰত পবিত্ৰ চ’ত মাহত অনুষ্ঠিত কৰি অহা পালনাম আৰু বৰ সবাহ সম্পন্ন হয়। প্ৰতিবছৰে অনুষ্ঠিত কৰা এই পালনাম আৰু বৰ সবাহত অগণন ভক্তৰ সমাগম হোৱাৰ লগতে বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত কৰা হয়(Teok News)।

আজি নিশা লৈ মহাপুৰুষীয়া ভাওনা ৰুক্মিণী হৰণ প্ৰদৰ্শন হ’ব। এই পালনাম প্ৰতিবছৰে অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাগম হৈ আহিছে। সেয়েহে এই বছৰটো কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজক সকলোৰে হৈ আশীৰ্বাদ প্ৰদান কৰা লগতে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতাই ।

লগতে পঢ়ক : WATCH | Biswanath News : দৰিদ্ৰতাক নেওচি জুয়ে পোৰা সোণ হৈ জিলিকিল বিশ্বনাথৰ জানমণি কলিতা