Local, Vocal, Global

WATCH | Teok News : শ্ৰী শ্ৰী দক্ষিণপাট চটাই আশ্ৰমী সত্ৰত বিশ্ব শান্তি বাবে লক্ষ্মীনাৰায়ণৰ যজ্ঞ আজি পূৰ্ণাহুতি

টীয়ক,৮এপ্ৰিল : দেওবাৰৰ পৰা শ্ৰী শ্ৰী দক্ষিণ পাট চটাই আশ্ৰমী সত্ৰত বিশ্ব শান্তিৰ বাবে লক্ষ্মীনাৰায়ণৰ যঞ্জ্য‌‌‌ অনুষ্ঠিত হৈছে। সত্ৰৰ ডেকা সত্ৰাধিকাৰ জগন্নাথ দেৱ গোস্বামীয়ে জানিবলৈ দিয়া মতে আজি দ্বিতীয় দিনা ঊষা কীৰ্তন , সাংস্কৃতিক শোভাযাত্ৰা পিছতে ধৰ্মধবজা উত্তোলন কৰে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামী দেৱে(Teok News)।

অন্যহাতে ৰাইজৰ সহযোগত ঔৱা সত্ৰৰ পুতুল গোস্বামী দেৱে নাম কীৰ্তন কৰে। আজি লক্ষ্মীনাৰায়ণৰ যঞ্জ্য‌‌‌ পূণাহুতি অনুষ্ঠানত বেদ মন্ত পাঠ কৰি দহ গৰাকী বিশিষ্ট পণ্ডিতে হোম যঞ্জ্য‌‌‌ সম্পন্ন কৰে। নিশা লৈ ৰামকৃষ্ণ গুৰু দক্ষিণা ভাওনা প্ৰদৰ্শন কৰিব শিশু শিল্পী সকলে ।

উক্ত ভাওনা ভাগি উদ্বোধন কৰিব অসম সাহিত্য সভাৰ সভাপতি ড’ বসন্ত দেৱ গোস্বামীয়ে। অসমৰ বিভিন্ন জিলাৰ ভক্ত প্ৰাণ ৰাইজ আজি পূৰ্ণাহুতি অনুষ্ঠানত উপস্থিত থাকিব ।

লগতে পঢ়ক : WATCH | Hatsingimari News : মূল্য বৃদ্ধিক লৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া