Local, Vocal, Global

WATCH | Teok News : শ্ৰী শ্ৰী দক্ষিণপাট চটাই আশ্ৰমী সত্ৰত বিশ্ব শান্তি বাবে লক্ষ্মীনাৰায়ণৰ যজ্ঞ আৰম্ভ

টীয়ক,৭এপ্ৰিল : শ্ৰী শ্ৰী দক্ষিণপাট চটাই আশ্ৰমী সত্ৰত বিশ্ব শান্তি বাবে লক্ষ্মীনাৰায়ণৰ যজ্ঞ আৰম্ভ ।

আজিৰে শ্ৰী শ্ৰী দক্ষিণ পাট চটাই আশ্ৰমী সত্ৰত বিশ্ব শান্তিৰ বাবে লক্ষ্মীনাৰায়ণৰ যজ্ঞ আৰম্ভ হৈছে।

সত্ৰৰ ডেকা সত্ৰাধিকাৰ জগন্নাথ দেৱ গোস্বামীয়ে জানিবলৈ দিয়া মতে আজি‌ পুৱা ৬ বজাৰ পৰা আৰম্ভ অভ্যুদয়ীক শ্ৰাদ্ধ, বিগ্ৰহ পৰিভ্ৰমণ,অধিবাস পূজা আৰম্ভ হয়।

দেওবাৰে পুৱা উষা কীৰ্তনৰে আৰম্ভ হোৱা কাৰ্যসূচী পাছতে সাস্কৃতিক শোভাযাত্ৰা, বিগ্ৰহ পূজন, ধৰ্ম ধ্বজা উত্তোলন কৰিব দক্ষিণ পাটীয় সত্ৰৰ সত্ৰাধিকাৰ দেৱ গোস্বামীয়ে(Teok News)।

ইয়াৰ পাছতে দিনযোৰা কাৰ্যসূচীৰে সকলো কাৰ্যসূচী চলি থাকিব। নিশা লৈ ৰামকৃষ্ণ গুৰু দক্ষিণা ভাওনা প্ৰদৰ্শন কৰিব শিশু শিল্পী সকলে । উক্ত ভাওনা ভাগি উদ্বোধন কৰিব অসম সাহিত্য সভাৰ সভাপতি বসন্ত দেৱ গোস্বামীয়ে। উল্লেখ যে অসমৰ বিভিন্ন জিলাৰ ভক্ত প্ৰাণ ৰাইজ উক্ত অনুষ্ঠানত উপস্থিত থাকিব।

লগতে পঢ়ক : WATCH | Bilasipara News : ‘ৱাকফৰ লগত হিন্দু-মুছলমান জড়িত নহয়’- সাংসদ ৰকিবুল হুছেইন