Local, Vocal, Global

WATCH | Teok News : আশী উৰ্ধ্বৰ বয়সতো‌ কান্ধত ঢোল তুলি লোৱা এগৰাকী বিশেষ শিল্পী

টীয়ক,৬এপ্ৰিল : পূব যোৰহাটৰ মেলেং বালি চাপৰি পূজাৰী গাঁৱৰ এইবাৰ শিল্পী পেঞ্চন প্ৰাপ্ত তথা গণ শিল্পী মঘাই ওজাৰ পালি বিশিষ্ট লোক শিল্পী মিনাৰাম দত্তই আশী বছৰ বয়সতো কান্ধত ঢোল তুলি ৰঙালী বিহু লৈ সাজু হোৱা দেখা গৈছে। ওৰে জীৱন অসমৰ বিভিন্ন প্ৰান্তত ঢোল বাদ্য পৰিবেশনে জনতাৰ হৃদয় জিনিবলৈ সক্ষম হোৱা মহান‌ খনিকৰ এই মিনাৰাম দত্ত(Teok News)।

ঢোলৰ যাদুকৰ, ঢোল সম্ৰাট,গণ শিল্পী মঘাই ওজাৰ একালৰ শিষ্য হৈও বিগত সময়চোৱাত ঘাত -প্ৰতিঘাটৰ মাজেৰে দিন অতিবাহিত কৰিছিল এইগৰাকী শিল্পীয়ে।

উল্লেখ যে ৰাইজৰ মাজত মিনা ওজা নামেৰে পৰিচিত হৈ বিভিন্ন স্থানত ঢোল বাদন ,ওজা পৰিৱেশনেৰে ৰাইজৰ মাজত ভূঁয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। ওজা মিনাৰাম দত্তৰ পৰা জানিব পৰা মতে এইবাৰো কেইবাখনো বিহু মঞ্চত ঢোল বাদন পৰিবেশন কৰিবলৈ তেওঁক নিমন্ত্ৰণ জনাইছে। আমি জনালোঁ ৰঙালী প্ৰাক ক্ষণত তেওঁক আন্তৰিক শুভেচ্ছা ।

লগতে পঢ়ক : WATCH | Nalbari News : নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বৰবৰী থান উন্নয়ন সমিতিৰ উদ্যোগত শ্রী শ্রী বাসন্তী পূজাৰ মহা আয়োজন