Local, Vocal, Global

WATCH | Teok News : আজিও আদৰ্শ নামটোৰ বাহিৰে একো আদৰ্শয়ে নাই ১১ নং পূৱ লাহিং গাঁও পঞ্চায়তৰ কলিয়াপানী গাঁৱৰ

টীয়ক,৬এপ্ৰিল : বিহুৰ সমান্তৰালকৈ ৰাজ্যত চলিছে নিৰ্বাচনী বতাহ । দলীয় চিহ্নবিহীন পঞ্চায়ত নিৰ্বাচনক লৈ আশাবাদী কলিয়াপানী আদৰ্শ গাঁৱবাসী।

সন্মুখত ৰঙালী বিহু। ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতিৰ সমান্তৰালকৈ ৰাজ্যত আৰম্ভ হৈছে নিৰ্বাচনী বতাহ। এতিয়া সময় হৈছে হিচাপ নিকাচৰ, বিগত পাঁচ বছৰত পঞ্চায়তে কিমান উন্নয়ন আনিলে গ্ৰামাঞ্চলৰ।
এয়া মৰিয়নি বিধানসভা সমষ্টিৰ ১১ নং পূৱ লাহিং গাঁও পঞ্চায়তৰ কলিয়াপানী আদৰ্শ গাঁৱৰ পৰিবেশ9Teok News)।

বান গৰাখহনীয়াত সকলো হেৰুৱা এইসমূহ পৰিয়ালক লৈ আদৰ্শ গাঁও নামাকৰণেৰে ১৯৯৩ চনত এই স্থানত সংস্থাপিত কৰিছিল চৰকাৰে।কিন্তু চৰকাৰ আহিল চৰকাৰ গ’ল।আজিও আদৰ্শ নামটোৰ বাহিৰে একো আদৰ্শয়ে নাই এই গাঁৱখনত।

বিগত তিনিটা দশকত এই গাৱঁৰ প্ৰায় ৩৫০ টা পৰিয়ালে উন্নয়নৰ মুখ দেখা নাই। গাওঁখনৰ মুঠ পাঁচ কিলোমিটাৰ পথৰ মাত্ৰ ২.৪ কিলোমিটাৰ পথহে সুচল হৈছে। ইপিনে খোৱাপানী,স্বাস্থ্য সেৱা,পঢ়াশুনা,বিভিন্ন চৰকাৰী আঁচনিৰ পৰা প্ৰায়ে বঞ্চিত এইসকল জনতা।নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত জনপ্ৰতিনিধি আহি সকলো সমস্যা সমাধানৰ আশ্বাস দিয়ে যদিও পাছলৈ সকলোবোৰ ফুটুকাৰ ফেন পৰিণত হয়।সেয়ে এইবাৰ পঞ্চায়ত নিৰ্বাচন দলীয় চিহ্নবিহীনভাৱে অনুষ্ঠিত কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাক আদৰণি জনাইছে এইসকল ৰাইজে আৰু ৰাইজৰ দুখ দুৰ্দশা বুজি পোৱা জনপ্ৰতিনিধি নিৰ্বাচন কৰি সমস্যাসমূহ নিবাৰণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

লগতে পঢ়ক : WATCH | MCLA Dilip Boro : বন্দুক দেখুৱাই মোক পেন্ট খুলিব দিয়াৰ বাবেহে মই পেন্ট খুলিছিলোঁ