Teok News:আজি পহিলা জানুৱাৰী;বছৰৰ প্ৰথমটোত ঐতিহাসিক ঢেকীয়াখোৱাত ভকত বৈষ্ণৱৰ ভিৰ
টীয়ক,১জানুৱাৰী: আজি পহিলা জানুৱাৰী। বছৰৰ প্ৰথমটোত দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মন্দিৰ, নামঘৰত ভক্তৰ ভিৰ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ টীয়কৰ ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰৰত ভক্তৰ ভিৰ।পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ নিজ নিজ পৰিয়াল ইষ্ট কুটুম্ব তথা আত্মীয়ৰ সৈতে হাতে হাতে ধূপ,নৈবদ্য চাকি লৈ ঈশ্বৰৰ চৰণত সেৱা লৈছে,পৰিয়ালৰ মংগল কামনা কৰিছে(Teok News)।
ইপিনে বৰনামঘৰ পৰিচালনা সমিতিয়েও আজিৰ এই বিশেষ দিনটোত সকলোৰে কুশল কামনাৰে অক্ষয় বন্তিত তেল,শৰাই আগবঢ়াই সকলোকে আশীৰ্বাদ প্ৰদান কৰিছে।
লগতে পঢ়ক :Nagaon News:নগাঁৱৰ কঠীয়াতলীৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ ব্যতিক্ৰমী পদক্ষেপ