Local, Vocal, Global

WATCH | Teok News : মিচিং ভাষাক প্ৰাথমিক শিক্ষা মাধ্যমত স্বীকৃতিক লৈ উৎসাহিত চোচাবাটবাসী

টীয়ক,২এপ্ৰিল : মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে আজি অসম চৰকাৰে স্বীকৃতি দিছে। ইয়াক লৈ উৎসাহিত হৈ পৰিছে সমগ্ৰ মিচিং সমাজ।

এয়া টীয়কৰ চোচাবাট প্ৰাথমিক বিদ্যালয়ৰ পৰিবেশ। অসম চৰকাৰে এই ঘোষণা কৰাৰ পাছতে আজি বিদ্যালয়লৈ শিক্ষা সামগ্ৰী তথা শিক্ষকক এইদৰে আদৰণি জনাইছে সমূহ মিচিং সমাজে।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি মিচিং জনগোষ্ঠীৰ বিভিন্ন জাতীয় সংগঠনে মিচিং ভাষা প্ৰাথমিক শিক্ষা পৰ্যায়ত প্ৰচলনৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল ভাষাটোৰ উত্তৰণৰ অৰ্থে(Teok News)।

আজি দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত পেলাই অসম চৰকাৰে তথা চৰকাৰৰ শিক্ষা বিভাগে মিচিং ভাষা তথা সাহিত্যৰ প্ৰতি যি সিদ্ধান্ত গ্ৰহণ কৰিছে এয়া অতি ইতিবাচক বুলি মন্তব্য কৰিছে এইসকল ৰাইজে। ইপিনে সমগ্ৰ ৰাজ্যত ১১ জিলাত মুঠ ২০০খন প্ৰাথমিক বিদ্যালয়ত এই ব্যৱস্থা কৰিছে চৰকাৰে আৰু টীয়কত দুখনকৈ বিদ্যালয়ত আজি পৰা পাঠদান আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :WATCH | Jorhat News : দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ নাওশলীয়া ৰহমপুৰৰ মছজিদত ঈদ উদযাপন