WATCH | Teok News : পদ্মশ্ৰী যাদৱ পায়েঙৰ নামত প্ৰৱৰ্তন হ’ল আন্তঃৰাষ্ট্ৰীয় বঁটা
টীয়ক,৩০মাৰ্চ : পদ্মশ্ৰী যাদৱ পায়েঙৰ নামত প্ৰৱৰ্তন হ’ল আন্তঃৰাষ্ট্ৰীয় বঁটা ।
অৰণ্য মানৱ গৰাকীৰ জীৱিত অৱস্থাতে এই বঁটা প্ৰৱৰ্তন কৰিলে যোৰহাটৰ জ্যোতি প্ৰতাপ শিক্ষা ন্যাসে।
প্ৰথমবাৰৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে হায়দৰাবাদৰ জল মানৱ খ্যাত এম কৰুণাকৰ ৰেড্ডিলৈ।
এই বঁটাত আছে নগদ ২ লাখ টকা, অসমীয়া সাঁজ আৰু সম্বৰ্ধনা পত্ৰ।
আজি ন্যাসৰ ভগ্নী অনুষ্ঠান তথা ৰাজ্যৰ একমাত্ৰ বিনামূলীয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয় জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ পঞ্চম প্ৰতিষ্ঠা দিৱসৰ এক গাম্ভীৰ্যপুৰ্ন অনুষ্ঠানত এই বঁটা প্ৰদান কৰিব ।
অৰণ্য মানৱ যাদৱ পায়েঙ আৰু বঁটা প্ৰাপক এম কৰুণাকৰ ৰেড্ডিক লগত লৈ শনিবাৰে বিয়লি এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰিলে সচিব বিশিষ্ট সমাজসেৱক প্ৰতাপ শইকীয়াই।
জীৱিতকালত এইদৰে আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰৱৰ্তন কৰাৰ বাবে পদ্মশ্ৰী যাদৱ পায়েঙে ধন্যবাদ জনালে ন্যাসৰ লগতে বঁটা প্ৰাপক ৰেড্ডীয়েও এই বঁটাই তেওঁক অধিক উৎসাহিত কৰিছে বুলি মন্তব্য কৰি সমূহ অসমবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে( Teok News)।
লগতে পঢ়ক : WATCH | Karbi Anglong : কাৰ্বি পাহাৰৰ পণ্ডিতঘাট হাইস্কুলত শিক্ষাৰ্থীক বিনামূলীয়া চাইকেল বিতৰণ