Local, Vocal, Global

WATCH | Teok News : শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰ নামঘৰত দুদিনীয়া কাৰ্যসূচীৰে পালনাম আৰু বৰ সবাহৰ আয়োজন

টীয়ক,২৯মাৰ্চ : শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰ নামঘৰত দুদিনীয়া কাৰ্যসূচীৰে পালনাম আৰু বৰ সবাহৰ আয়োজন ।

শ্ৰী শ্ৰী মাধৱদেৱ‌ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰ নামঘৰত পবিত্ৰ চ’ত মাহত অনুষ্ঠিত কৰি অহা পালনাম আৰু বৰ সবাহ ২৮ আৰু ২৯ চ’ত (১১ আৰু ১২ এপ্ৰিল) দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ’ব। প্ৰতিবছৰে অনুষ্ঠিত কৰা এই পালনাম আৰু বৰ সবাহত অগণন ভক্তৰ সমাগম হোৱাৰ লগতে বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত কৰা হয়(Teok News)।

১১ এপ্ৰিলৰ সন্ধিয়া ৭ বজাৰ পৰা পালনাম ভাগি আৰম্ভ হ’ব আৰু ১২ এপ্ৰিলত বৰ সবাহৰ লগতে নিশা লৈ মহাপুৰুষীয়া ভাওনা প্ৰদৰ্শন হ’ব। বৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতা আৰু নামৰ সম্পাদক বিজয় শইকীয়াই জানিবলৈ দিয়া মতে মহাপুৰুষীয়া সম্পূৰ্ণ কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত প্ৰতিবছৰে অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাগম হৈ আহিছে।

সেয়েহে এই বছৰটো দুই দিনৰ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজক নিমন্ত্ৰণ জনাইছে।

লগতে পঢ়ক : WATCH | Boko News : বকোৰ ডেকাপাৰাত ৰাভা জনজাতি সমাজৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মাঁ বিষহৰি মাৰৈৰ বাৰ্ষিক পূজাৰ আজি সামৰণি