Local, Vocal, Global

WATCH | Teok News : টীয়কৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত টীয়ক আছুৰ অৱস্থান ধৰ্মঘট

টীয়ক,২৭মাৰ্চ : টীয়কৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত টীয়ক আছুৰ অৱস্থান ধৰ্মঘট ।

অসম ৰাজ্যিক পৰিবহণ নিগম বাছ আস্থানৰ সমীপত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ।

উল্লেখ্য যে বৃহত্তৰ টীয়কৰ নৈপৰীয়া অঞ্চল জাঁজীমুখৰ বানখহনীয়া,দলং নিৰ্মাণ,টীয়কৰ একমাত্ৰ চিকিৎসাৰ ভৰষা টীয়ক এফ আৰ ইউৰ আন্তঃগাঁথনিৰ উন্নয়ন,টীয়ক ড্ৰাগছ মুক্ত কৰা,অবৈধ সুৰাৰ বিপনীসমূহ উচ্ছেদ কৰাৰ লগতে বিশেষকৈ টীয়ক পৌৰসভা এলেকাত সুশৃংখলিত পাৰ্কিঙৰ ব্যৱস্থা কৰা আদিবোৰ সমস্যা অনতি পলমে সমাধান কৰিবলৈ আহ্বান জনাই অন্যথা অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰে(Teok News)।

প্ৰায় দুঘন্টা জুৰি কৰা এই প্ৰতিবাদৰ অন্তত টীয়ক ৰাজহ চক্ৰ বিষয়াক সমূহ সমস্যাক লৈ স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে।ইপিনে এয়া কেৱল আছুৰ সমস্যা নহয়,এয়া ৰাইজৰ সমস্যা। প্ৰতিবাদ নকৰিলে অসমত কোনো সমস্যাই সমাধান নহয়।

সেয়ে আছু এক অৰাজনৈতিক ছাত্ৰ সংগঠন হিচাপে নিজৰ সামাজিক দায়বদ্ধতা প্ৰদৰ্শন কৰি টীয়কৰ এনেবোৰ মৌলিক সমস্যা সমাধানৰ বাবে ৰাইজৰ স্বাৰ্থত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি মন্তব্য কৰিছে সংগঠনটোৰ নেতৃত্বই।

লগতে পঢ়ক : WATCH | Road Accident : শিল-বালি ভৰ্তি ডাম্পাৰৰ চকাৰ তলত সোমাল এখন চলন্ত মটৰ চাইকেল