Local, Vocal, Global

WATCH| Teok News : টীয়কৰ অইল ইণ্ডিয়াৰ যোৰহাট পাম্প ষ্টেচন তিনি আৰু এন বি পি এলৰ উদ্যোগত ম’ক ড্ৰিল কাৰ্যসূচী

টীয়ক,১৮মাৰ্চ : টীয়ক সমষ্টিৰ অন্তৰ্গত মেলেঙত আজি অইল ইণ্ডিয়াৰ যোৰহাট পাম্প ষ্টেচন তিনি আৰু এন বি পি এলৰ উদ্যোগত এখনি ম’ক ড্ৰিল কাৰ্যসূচী আৰু ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰা হয়।

এই লৈ পাইপ লাইনত আকস্মিকতে কোনো দুৰ্ঘটনা সংঘটিত হ’লে কিদৰে ঘটনাৰ সৈতে মোকাবিলা কৰিব লাগে বা বিভাগীয় কৰ্তৃপক্ষই কিদৰে উক্ত ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ সমগ্ৰ পৰিবেশটো নিজৰ কাবুলৈ আনিবলৈ প্ৰয়াস কৰে তাৰ ওপৰত ৰাইজক অৱগত তথা নিজা অনুশীলন অব্যাহত ৰখাৰ চেষ্টা কৰে।

লগতে এনে ঘটনা সংঘটিত হ’লে জিলা প্ৰশাসনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ,অগ্নিনিৰ্বাপক বাহিনী,চিকিৎসা বিভাগ,স্থানীয় আৰক্ষীকে আদিকৰি সকলো বিভাগে কিদৰে সহযোগিতা আগবঢ়াই তাক প্ৰদৰ্শন কৰা হয় উক্ত ম’ক ড্ৰিলত(Teok News)।

উল্লেখযোগ্য যে ম’ক ড্ৰিল কাৰ্যসূচীৰ পাছতে অঞ্চলবাসীক লৈ এক সজাগতা সভাও অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত অইল ইণ্ডিয়া গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক জ্যোতিপ্ৰসাদ পৰমানন্দ দাস,গুৱাহাটী অইল ইণ্ডিয়াৰ মুখ্য মহা প্ৰৱন্ধক নিলীম জ্যোতি দাস,নুমলীগড় অইল ইণ্ডিয়াৰ মহা প্ৰৱন্ধক অৰূপম শইকীয়া,যোৰহাট অইল ইণ্ডিয়াৰ মুখ্য মহা প্ৰৱন্ধক দ্বীপেন্দ্ৰ দাসকে প্ৰমুখ্য কৰি কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া আৰু স্থানীয় বহুসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক : WATCH | Himanta Biswa Sarma: দিনজোৰা কাৰ্যসূচীৰে শিলচৰত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা