WATCH | Teok News : বাজেটত চাহ শ্ৰমিকক এককালীন সাহাৰ্য্য লৈ টীয়কত শ্ৰমিকৰ প্ৰতিক্ৰিয়া

টীয়ক,১১মাৰ্চ : বাজেটত চাহ শ্ৰমিকক এককালীন সাহাৰ্য্য লৈ টীয়কত শ্ৰমিকৰ প্ৰতিক্ৰিয়া ।
সোমবাৰে ঘোষণা কৰা অসম চৰকাৰৰ অন্তিমখন বাজেটত চাহ শ্ৰমিকৰ বাবে ৫০০০ টকা এককালীন সাহাৰ্য প্ৰদান সন্দৰ্ভত এতিয়া চাহ অধোৰ্ষিত অঞ্চলসমূহ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
এয়া টীয়ক চাহ বাগিচাৰ পৰিবেশ। এই এককালীন সাহাৰ্য লৈ শ্ৰমিকসকল উৎফুল্লিত হৈছে যদিও এককালীন সাহাৰ্য্য সমান্তৰালকৈ চাহ শ্ৰমিকৰ প্ৰকৃত সমস্যা যেনে মজুৰি বৃদ্ধি,ভূমি পট্টা তথা ৰেচন বৃদ্ধি আদিবোৰ সমস্যা সমাধানৰ বাবেহে আহ্বান জনাইছে। এককালীন সাহাৰ্যতকৈ স্থায়ী সমস্যা সমাধান কৰিলেহে জনগোষ্ঠীটোৰ উত্তৰণ হব বুলি মন্তব্য কৰিছে এইসকল শ্ৰমিকে(Teok News)।
ইপিনে বিশ্ব দৰবাৰত ঝুমুৰ নৃত্যক প্ৰতিষ্ঠা কৰিবলৈ চৰকাৰে লোৱা পদক্ষেপক আদৰণি জনাইছে যদিও প্ৰকৃত সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত চৰকাৰখনে অন্তিমখন বাজেটত গুৰুত্ব নিদি কেৱল শ্ৰমিকৰ বাবে এককালীন সাহাৰ্য প্ৰদান কৰাটো ৰাজনৈতিক ষড়যন্ত্ৰ তথা নিৰ্বাচনী টোপ বুলিহে অভিহিত কৰিছে আটছাৰ বিষয়ববীয়াই।
লগতে পঢ়ক : WATCH | Jamugurihat News : শোণিতপুৰৰ আমনিৰ ইটা ভাটাত হাহাকাৰ