Watch | Teok newes: কাকজানত নিৰ্মীয়মান চাৰিলেনযুক্ত পথৰ ভি ইউ পিৰ কাষত মৃতদেহ উদ্ধাৰ

টীয়ক: কাকজানত নিৰ্মীয়মান চাৰিলেনযুক্ত পথৰ ভি ইউ পিৰ কাষত মৃতদেহ উদ্ধাৰ। ভি ইউ পি কৰ্মৰত শ্ৰমিকৰ মৃতদেহ বুলি সন্দেহ। কোনো কথাত ভি ইউ পিত নিয়োজিত শ্ৰমিকৰ মাজত কাজিয়াৰ সূত্ৰপাতৰ ফল বুলি মন্তব্য প্ৰত্যক্ষ দৰ্শীৰ। আৰু আৰক্ষী তথা স্থানীয় ৰাইজ গোট খোৱা দেখি দলঙৰ শ্ৰমিকসকল পলায়ন কৰে। ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আনহাতে দলঙখন নিৰ্মাণত ব্যৱহৃত মেছিন চলিত অৱস্থাত আছে। স্থানীয় ৰাইজৰ অভিযোগ প্ৰায়ে শ্ৰমিকসকলৰ মাজত নিশা কাজিয়াৰ সৃষ্টি হয়।নিশা কাম চলোৱাৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি অভিযোগ। এইপৰ্যন্ত মৃতদেহ চিনাক্তকৰণ হোৱা নাই।