Local, Vocal, Global

Tension prevailed at de addiction centre in Biswanath : বিশ্বনাথৰ এটা নিচামুক্তি কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি; যুৱকৰ মৃত্যুক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ

নিউজ ডেস্ক,২৬মে’ : বিশ্বনাথৰ এটা নিচামুক্তি কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। শনিবাৰে নিশা প্ৰতিজ্ঞা ৱেলনেচ ফাউণ্ডেচন নামৰ নিচামুক্তি কেন্দ্ৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

জানিব পৰা মতে শনিবাৰে বিয়লি উক্ত নিচামুক্তি কেন্দ্ৰৰ দুই বন্ধুৰ লগত গহপুৰৰ যুৱক বিকি সৰকাৰ নামৰ যুৱকজনে গৈছিল বনভোজ খাবলৈ। বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ নমৰা অঞ্চলত বনভোজ খাবলৈ যোৱা বিকিয়ে নমৰা নৈত বন্ধুৰ সৈতে গা ধুই থকাৰ পৰাই সন্ধানহীন হৈ পৰে।

তাৰ পিছতে বিকিৰ মৃতদেহ উদ্ধাৰ হয় । বিকিৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । যাৰ বাবে নিহত বিকি সৰকাৰৰ অভিভাৱকে নিচামুক্তি কেন্দ্ৰটোত নিশা উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে(Tension prevailed at de addiction centre in Biswanath)।

উল্লেখ্য যে গহপুৰৰ যুৱক বিকি সৰকাৰৰ অভিভাৱকে তিনি বছৰমান পূৰ্বে নিজ পুত্ৰক নিচা মুক্ত কৰাৰ বাবে বিশ্বনাথৰ এই প্ৰতিজ্ঞা ৱেলনেচ ফাউণ্ডেচন নামৰ নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰিছিল। কিন্তু এবছৰ মান পূৰ্বে উক্ত নিচা কেন্দ্ৰৰ পৰা বিকি সৰকাৰ উভতি যায় যদিও মাজে সময়ে উক্ত নিচাকেন্দ্ৰটোত আহি থাকে।

যাৰ বাবে উক্ত নিচামুক্তি কেন্দ্ৰই বিকিৰ পৰা কোনো মাননি নলয় বুলি জানিব দিয়ে।পূৰ্বৰ দৰে কালি দুপৰীয়া উক্ত নিচামুক্তি কেন্দ্ৰত বিকি উপস্থিত হৈ দুই বন্ধু ক্ৰমে গৌতম দৈমাৰী আৰু খঞ্জন ৰামচিয়াৰীৰ সৈতে গৈছিল বনভোজ খাবলৈ। তাৰ পিছতে বিকি সৰকাৰে নমৰা নৈত গা ধুই থকাৰ সময়তে খৰস্ৰোতা নদীৰ পানীত ডুব যায়।লগে লগে দুই বন্ধুয়ে ফোনযোগে নিচামুক্তি কেন্দ্ৰ কৰ্তৃপক্ষক অৱগত কৰে। তাৰ পিছত ঘটনাক কেন্দ্ৰ কৰি নিচামুক্তি কেন্দ্ৰ আৰু বিকি সৰকাৰৰ অভিভাৱকৰ মাজত হুৱাদুৱা লাগে।

বিকি সৰকাৰৰ পৰিয়ালে বিশ্বনাথ আৰক্ষীক সমস্ত বিষয়ে অৱগত কৰাৰ পিছতে এন ডি আৰ এফৰ দলে নিশা বিকিৰ মৃতদেহ নদীৰ পৰা উদ্ধাৰ কৰে। ইফালে নিচা মুক্তি কেন্দ্ৰত বিকি সৰকাৰৰ মাতৃ তথা অভিভাৱক উপস্থিত হৈ সমস্ত ঘটনা সন্দৰ্ভত জানিবলৈ বিচৰা সময়ত দুয়ো পক্ষৰ মাজত তুমুল বাক বিতণ্ডাৰ সৃষ্টি হয়।

লগতে পঢ়ক : Massive fire at Delhi children’s hospital : বেবী কেয়াৰ হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড;অগ্নিদগ্ধ হৈ মৃত্যু ৭টি শিশুৰ