নগাঁৱত চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা

নিউজ ডেস্ক, ২৪ মাৰ্চঃ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উত্তেজনা। চিকিৎসালয়ত এগৰাকী মহিলা ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাময় পৰিৱেশৰ।
জানিব পৰা মতে, মঙ্গলবাৰে নিশা মালতী শইকীয়া নামৰ মহিলাগৰাকীক পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰোৱাইছিল। ইয়াৰপিছতেই বুধবাৰে বিয়লি মহিলাগৰাকীৰ মৃত্যু হয়।
অভিয়োগ মতে, মঙলবাৰে নিশা আঠ বজাত চাপানলাৰ মালতী শইকীয়াক উচ্চ ৰক্ত চাপ জনিত ৰোগত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ বুধবাৰে বিয়লিলৈকে মহিলাগৰাকীক চিকিৎসকে স্বাস্থ্য পৰীক্ষা নকৰাৰ অভিযোগ আত্মীয়ৰ ৷ যাৰ ফলত উপযুক্ত চিকিৎসা অবিহনে কৰুণ মৃত্যুক সাৱতি লয় মালতী শইকীয়াই ৷
এই ঘটনাৰ পিছত চিকিৎসালয় খনৰ চৌহদত মৃত মহিলাগৰাকীৰ আত্মীয় উত্তেজিত হৈ পৰে ৷ সৃষ্টি হয় উত্তেজনাৰ ৷ পিছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে ৷
স্বাস্থ্য় মন্ত্ৰীৰ গৃহ জিলাৰ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৰোগীয়ে প্ৰকৃত চিকিৎসাৰ অভাবত সঘনে মৃত্যুক সাৱতি লোৱাৰ ঘটনা সংঘটিত হৈ অহাটো এক উদ্বেগৰ বিষয় হৈ পৰিছে ৷