Local, Vocal, Global

Tension erupted in Goalpara over not holding lottery :কুপন খেলক লৈ ভয়ংকৰ ঘটনা; ভাঙি লণ্ডভণ্ড কৰিলে লটাৰী খেলৰ পেণ্ডেল, পেণ্ডেলত অগ্নিসংযোগ টিকট ক্ৰেতাৰ

নিউজ ডেস্ক,২৪জুন : কুপন খেলক লৈ ভয়ংকৰ ঘটনা। গোৱালপাৰাত লটাৰী খেলক লৈ সংঘটিত হৈছে লংকাকাণ্ড।

পশ্চিম গোৱালপাৰাৰ জয়পুৰ বজাৰত উপহাৰ কুপনৰ খেলক লৈ উপ্তত্ত পৰিস্থিতি। ৰাইজে ভাঙি লণ্ডভণ্ড কৰিলে লটাৰী খেলৰ পেণ্ডেল, পেণ্ডেলত অগ্নিসংযোগ টিকট ক্ৰেতাৰ(Tension erupted in Goalpara over not holding lottery) ৷

জানিব পৰা মতে,পশ্চিম গোৱালপাৰাৰ জয়পুৰ বজাৰ মিলন সংঘৰ সৌজন্যত উপহাৰ কুপনৰ খেল অনুষ্ঠিত নকৰাৰ ফলত এই উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। উত্তেজিত ৰাইজে জ্বলাই দিয়ে মঞ্চ চকী। লগতে উপহাৰ কুপন খেল অনুষ্ঠিত কৰিবলৈ অনা সামগ্ৰীও লণ্ডভণ্ড কৰে। কেৱল ইমানেই নহয় উত্তেজিত ৰাইজে ভাঙি পেলাই ছাউণ্ড চিষ্টেম। একাংশ‌ মূৰত তুলি লৈ যায় ছাউণ্ড চিষ্টেমৰ বস্ক।

দেওবাৰৰ দিনটোত উপহাৰ কুপনৰ খেল অনুষ্ঠিত নকৰাৰ বাবে উত্তেজিত হৈ পৰে ৰাইজ। নিশা ১০ বজালৈকে অনুষ্ঠিত কৰা নাছিল খেল যাৰ পৰিপ্ৰেক্ষিতত ৰাইজে উত্তেজিত হৈ পৰে।