Tense Situation Unfolds at SMCH Amid Clashes Over Kuki Youths’ Bodies: শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত তীব্ৰ উত্তেজনা;মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ উত্তপ্ত শিলচৰ
নিউজ ডেস্ক,১৬নৱেম্বৰ : শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ সম্মুখত উত্তপ্ত পৰিস্থিতি ৷ মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ উত্তপ্ত শিলচৰ। আৰক্ষী সৈতে কুকি আৰু মাৰ লোকসকলৰ মাজত হতাহতি।আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠিচালনা ৷
উল্লেখ্য যে,যোৱা সোমবাৰে মণিপুৰত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা।সোমবাৰে মণিপুৰৰ জিৰিবামত চি আৰ পি এফৰ গুলীত নিহত হৈছিল ১০জন কুকি জনগোষ্ঠীৰ যুৱক ৷ মণিপুৰ চৰকাৰে দাবী কৰে যে নিহত এই ১০ যুৱক সন্দেহজনক কুকি উগ্ৰপন্থী গোটৰ সদস্য(Tense Situation Unfolds at SMCH Amid Clashes Over Kuki Youths’ Bodies)৷
এই ঘটনাটো সংঘটিত হোৱাৰ পিছতে নিহত আটাইকেজনৰ মৰণোত্তৰ পৰীক্ষা শিলচৰ মেডিকেল কলেজ হাস্পতালত সম্পন্ন হয় ৷কিন্তু মৰোণত্তৰ পৰীক্ষা সম্পন্ন হয় যদিও মৃতদেহকেইটা পৰিয়ালক চমজাই দিয়া নাছিল। তেনে ক্ষেত্ৰত শিলচৰ মেডিকেল কলেজ হাস্পতালৰ সম্মুখত একাধিকবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল মৃতকৰ পৰিয়ালসহ কাছাৰত বসবাস কৰা জনজাতিটোৰ লোকসকলে ৷
ইয়াৰ মাজতে শনিবাৰে মৃতদেহকেইটা জিৰাবামলৈ লৈ যোৱাৰ বাবে প্ৰস্তুত হয় মণিপুৰ চৰকাৰ ৷ মাছিমপুৰৰ পৰা হেলিকাপ্টাৰেৰে মৃতদেহকেইটা জিৰিবামলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল মণিপুৰ চৰকাৰে ৷ কিন্তু চিকিৎসালয়খনত উপস্থিত মৃতকৰ পৰিয়ালসহ কাছাৰৰ বাসিন্দা কুকি আৰু মাৰ পুৰুষ-মহিলাসকলে হেলিকাপ্টাৰেৰে মৃতদেহকেইটা নিয়াত বাধা প্ৰদান কৰে ৷
ইফালে চিকিৎসালয়ৰ মৰ্গৰ সম্মুখত জনজাতি দুটাৰ শতাধিক পুৰুষ-মহিলা গোট খায় ৷ তাৰ পিচত এটা সময়ত চিকিৎসালয়খনত আৰম্ভ হয় উত্তপ্ত পৰিস্থিতিৰ।