Local, Vocal, Global

Watch | Tense situation at the Nayara oil depot in Bokor Tarabari: বকোৰ তাৰাবাৰীৰ Nayara তেল ডিপোত উত্তপ্ত পৰিস্থিতি

বকো: বকোৰ তাৰাবাৰীৰ Nayara তেল ডিপোত উত্তপ্ত পৰিস্থিতি। গ্ৰাহকক কমকৈ তেল দিয়াৰ অভিযোগ। কালি প্ৰায় সন্ধিয়া ছয় বজাত কেইবাজনো গ্ৰাহকে ডিপোটোত তেল ভৰাওতে প্ৰতি লিটাৰ তেল কমকৈ দিয়ে ডিপোটোৰ কৰ্মচাৰী সকলে। যাৰ উমান পাই ডিপো কৰ্মচাৰীক গ্ৰাহকে প্ৰশ্ন কৰাত সকলো কথা উলাই পৰে।

ইফালে, পূৰ্বেও এই ডিপো কৰ্তৃপক্ষৰ বিৰুদ্ধে গ্ৰাহকক তেল কমকৈ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে।। উত্তাল পৰিবেশৰ মাজতে উক্ত ডিপোটো বন্ধ কৰি দিবলৈ আহ্বান জনায় গ্ৰাহকসকলে। বৰ্তমানলৈকে চেপা উত্তেজনাই বিৰাজ কৰি আছে তাৰাবাৰী তেল ডিপোটোত।