Local, Vocal, Global

Telangana tunnel collapse: অব্যাহত আছে তেলেংগানাত সুৰংগত আবদ্ধ শ্ৰমিকক উদ্ধাৰ অভিযান

নিউজ ডেস্ক,২৩ফেব্ৰুৱাৰী : তেলেংগানাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ শনিবাৰে তেলেংগানাৰ নগৰকুৰনুল জিলাৰ নিৰ্মাণাধীন শ্ৰীশায়লম বাওঁ পাৰৰ খাল সুৰংগ প্ৰকল্পত সংঘটিত হয় দুৰ্ঘটনা(Telangana tunnel collapse)। সুৰংগটোৰ চালৰ তিনি মিটাৰ অংশ ভাঙি ভিতৰত আবদ্ধ হৈ পৰে ৮ জন শ্ৰমিক।

সুৰংগটোৰ ভিতৰলৈ গৈছিল ৫০জনতকৈ অধিক লোক। সেই সময়তে হঠাৎ খহি পৰিছিল সুৰংগটোৰ এটা অংশ। কোনোমতে সুৰংগৰ বাহিৰলৈ ওলাবলৈ সক্ষম হয় ৪২জনকৈ লোক। কিন্তু বাকী ৮জন লোক আৱদ্ধ হৈ পৰে(Eight including four Jharkhand workers trapped)।

তেওঁলোকক উচ্ছেদ কৰিবলৈ উদ্ধাৰ অভিযান চলোৱা হৈছে। বৰ্তমানেও অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান । ড্ৰোনৰ জৰিয়তে পৰিস্থিতি পৰ্যৱেক্ষণ কৰিছে উদ্ধাৰকাৰী দলে। সেনা, NDRF,বিশেষজ্ঞই চলাই আছে উদ্ধাৰ অভিযান।

লগতে পঢ়ক:WATCH | Jayanta Malla Baruah: মেহবুবুল হকৰ USTMৰ প্ৰৱঞ্চনা এতিয়া ৰাইজৰ সন্মুখলৈ আহিছে’:মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা