Local, Vocal, Global

Teenager Missing Case in Dibrugarh : সন্ধানহীন দুই আদিবাসী সম্প্ৰদায়ৰ কিশোৰ

নিউজ ডেস্ক,২৭আগষ্ট : সন্ধানহীন দুই আদিবাসী সম্প্ৰদায়ৰ কিশোৰ । বিগত চাৰিদিনৰ পৰা সন্ধানহীন কিশোৰ দুজন ।

ডিব্ৰুগড় জিলাৰ খোৱাঙত সংঘটিত হৈছে এই চাঞ্চল্যৰ ঘটনাটো ৷ কিশোৰ দুজনক অনাঅসমীয়া লোক কেইজনমানে প্ৰহাৰ কৰাৰ পিচৰে পৰাই সন্ধানহীন হৈ থকাত পৰিয়ালকৰ লোকসকল চিন্তিত হৈ পৰিছে ।

জানিব পৰা মতে, কিশোৰ দুজনে ঘটনাৰ দিনা পুৱাই আব্দুল চাহাদ নামৰ ব্যৱসায়ীজনৰ ডেম্পৰ সামগ্ৰী কঢ়িওৱা ঠেলা লৈ ওলাই গৈছিল । ইয়াৰ পিচত দুয়োটি কিশোৰকে চাৰিলেনযুক্ত পথ নিৰ্মাণত জড়িত গণপতি নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ অনাঅসমীয়া কৰ্মচাৰীকেইজনে লো চুৰিৰ অভিযোগত আটক কৰে । পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি দুই কিশোৰক প্ৰহাৰো কৰে এই লোককেইজনে(Teenager Missing Case in Dibrugarh) ।

ইয়াৰ পিচত পৰিয়ালৰ লোকে খোৱাং বেতনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা নিৰ্মাণকাৰী কোম্পানীৰ অস্থায়ী কেম্পত উপস্থিত হয় যদিও কোম্পানীৰ কৰ্মচাৰীয়ে কিশোৰ দুটিক ঘৰলৈ পঠিয়াই দিয়া বুলি কয় । কিন্তু ৰহস্যজনকভাৱে সেইদিনাৰ পৰা সন্ধানহীন হৈ আছে কিশোৰ দুজন । ইয়াৰে এজন বিশেষভাৱে সক্ষম কিশোৰ । এই লৈ দুচিন্তাত ভুগিছে দুয়োৰে পৰিয়াল ৷

ইপিনে, পৰিয়ালৰ লোকে অনাঅসমীয়া লোককেইজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে যদি দুয়ো কিশোৰ চুৰি কাৰ্যত জড়িত আছিল তেওঁলোকে আৰক্ষীক গতাই দিব লাগিছিল । ইতিমধ্য়ে সমগ্ৰ ঘটনাটোৰ এক উচিত তদন্তৰ দাবীত কিশোৰ দুটিৰ পৰিয়ালে খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক : Rhino Horn Seizes in Dhakuakhana:ঢকুৱাখনাত উদ্ধাৰ গঁড়ৰ খৰ্গ