Teenager boy missing at Burhidihing river : শামুক ধৰিবলৈ গৈ নৈৰ বুকুত সন্ধানহীন কিশোৰ

নিউজ ডেস্ক,৯জুন : শামুক ধৰিবলৈ গৈ নৈৰ বুকুত সন্ধানহীন কিশোৰ(Teenager boy missing at Burhidihing river)।
ডিব্ৰুগড় জিলাৰ টেঙাখাতত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ টেঙাখাতৰ বুঢ়ীদিহিং নৈত শামুক ধৰিবলৈ গৈ নৈৰ বুকুত সন্ধানহীন এটি কিশোৰ ।
জানিব পৰা মতে, টেঙাখাতৰ সৰু অভয়পুৰীয়া গাঁৱৰ কান্তি চুতীয়াৰ কণিষ্ঠ পুত্ৰ প্ৰতীম চুতীয়া (১৭) বোৱতী নৈত বুঢ়ীদিহিং নৈত শামুক ধৰিবলৈ গৈছিল আৰু তাত সন্ধানহীন হৈ পৰে । শনিবাৰে দুপৰীয়া প্ৰায় ১২ মান বজাত চাৰি লগৰীয়াৰ সৈতে শামুক ধৰিবলৈ বুলি ওলাই গৈছিল প্ৰতীমে(Teenager boy missing at Burhidihing river in Dibrugarh) ।
তাৰ পিচতে এজন সমনীয়াৰ সৈতে নৈত নামি গৈছিল প্ৰীতম । তাৰ কিছু সময়ৰ পাচতে বুঢ়ীদিহিঙৰ সোতে উটুৱাই লৈ যায় কিশোৰজনক । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
লগতে কিশোৰজনক উদ্ধাৰৰ বাবে SDRF বাহিনীৰ দলে উদ্ধাৰ অভিযান চলাই আছে ।বৰ্তমানেও উদ্ধাৰ হোৱা কিশোৰজন।