Teenage missing in Barpeta : বৰপেটাত সন্ধানহীন ১৩ বছৰীয়া কিশোৰ

বৰপেটা,১০জুলাই : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য।
এইবাৰ বৰপেটাৰ হাউলীৰ পৰা নিৰুদ্দেশ কিশোৰ । হাউলী আৰক্ষী থানাৰ অন্তৰ্গত জয়পুৰ গাঁৱৰ নিৰুদ্দেশ কিশোৰজন আব্দুল হকৰ পুত্ৰ শ্বাজিদুল ইছলাম বুলি জানিব পৰা গৈছে।শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে আব্দুল হকৰ ১৩ বছৰীয়া পুত্ৰ শ্বাজিদুল ইছলাম(Teenage missing in Barpeta) ।
পৰিয়ালৰ লোকে কিশোৰজনৰ বিচাৰি আত্মীয় স্বজনৰ ঘৰৰ লগতে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাই।
উপাইহীন হৈ পৰিয়ালৰ লোকে হাউলী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।
ইফালে পৰিয়ালৰ লোকে কোনো সদাশয় লোকে কিশোৰজনৰ সন্ধান পালে 6003562487 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই।
লগতে পঢ়ক : Road Accident in Darrang : দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ; আহত ৪জন