Local, Vocal, Global

Teenage girls missing in Hojai : হোজাইত নিৰুদ্দেশ ১৪ বছৰীয়া কিশোৰী

নিউজ ডেস্ক,২৫জুন : হোজাই জিলাৰ লংকাৰ অন্তৰ্গত মছুকাৰ পৰা নিৰুদ্দেশ ছাত্ৰী। লংকাৰ মছুকা ৮ নং ৱাৰ্ডৰ হৰি সিং নামৰ লোকজনৰ ১৪ বছৰীয়া কিশোৰী গৰাকী যোৱা ২৩ জুনৰ পুৱা ৪-৩০ বজাৰ পৰা সন্ধানহীন হৈ আছে।

জানিব পৰা মতে, ২২ জুনৰ দিনা বিদ্যালয়ৰ পৰীক্ষাৰ দি বহু দেৰিকৈ ঘৰত উপস্থিত হৈছিল ছাত্ৰীগৰাকী আৰু নিশা পিতৃ-মাতৃয়ে পঢ়া-শুনাৰ কথা কোৱাৰ পাছৰে পৰা ৰহস্যজনক ভাৱে সন্ধানহীন হৈ পৰে ছাত্ৰীগৰাকী।

সন্ধানহীন ছাত্ৰীগৰাকীক বহু বিচাৰ- খোচাৰ কৰি যদিও আজিলৈ কোনো ধৰণৰ ৰ সন্ধান পোৱা নাই পৰিয়ালৰ লোকে।উপাইহীন হৈ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত লংকা আৰক্ষীৰ কাষ চাপি এজাহাৰ দাখিল কৰে ।যদি কোনো সদাশয় লোকে ছোৱালীজনীৰ কোনো সম্ভেদ পাই তেন্তে এই 8811883529 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায় পৰিয়ালৰ লোকে।

লগতে পঢ়ক : Drugs seized in Dibrugarh : ডিব্ৰুগড়ত ড্ৰাগছসহ আটক সৰবৰাহকাৰী