Local, Vocal, Global

Teenage girl raped in Barhola : ১৭ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি অন্তসত্বা কৰাৰ অভিযোগ বিবাহিত পুৰুষৰ বিৰুদ্ধে

নিউজ ডেস্ক,৭ছেপ্তেম্বৰ : সোতৰ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি অন্তসত্বা কৰাৰ অভিযোগ বিবাহিত পুৰুষৰ বিৰুদ্ধে । ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য অঞ্চলজুৰি ।

জানিব পৰা মতে, বৰহোলা কলমৌ বস্তিৰ ঘোঁৰা ওৰফে সৰুকণ আলী নামৰ প্ৰতিবেশী পৰিয়ালৰ এগৰাকী আদিবাসী জনগোষ্ঠীৰ ১৭ বছৰীয়া কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগত বিগত কিছু মাহৰ পূৰ্বে ধৰ্ষণ কৰে।

ধৰ্ষণৰ পিছত লম্পট সৰুকণ আলীয়ে কিশোৰীকগৰাকীক এই কথা প্ৰকাশ নকৰিবলৈ নানান প্ৰলোভন আৰু ভাবুকি প্ৰদান কৰে। ভাবুকি আৰু প্ৰলোভনত পৰি কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা পৰিয়ালৰ পৰা লুকাই ৰাখিছিল। কিন্তু কিশোৰীকগৰাকী বৰ্তমান নমাহৰ অন্তঃসত্বা হোৱাত সমগ্ৰ ঘটনা পৰিয়ালক অৱগত কৰে।

ইফালে এই ঘটনাত ৰাজহুৱা হৈ পৰাত সৰুকণ আলী পলায়ন কৰে। বৰ্তমান কিশোৰীগৰাকীৰ স্বাস্থ্য অৱনতি ঘটাত আজি মাতৃয়ে বৰহোলা আঞ্চলিক ছাত্র সন্থা আৰু আটছাক এই ঘটনাৰ বিষয়ে অৱগত কৰে। লগে লগে মাতৃয়ে বৰহোলা থানাত গোচৰ দিয়ে(Teenage girl raped in Barhola)।

ইফালে এগৰাকী দৰিদ্ৰ পৰিয়ালৰ কিশোৰীক বলপূৰ্বক শাৰীৰিক সম্পৰ্ক গঢ়ি তুলি অন্তঃসত্বা কৰি সৰুকণ আলী পলায়ন কৰা কাৰ্যত গৰজি উঠিছে তিতাবৰ চাহ জনগোষ্ঠী ছাত্ৰ সন্থা আৰু বৰহোলা আঞ্চলিক ছাত্র সন্থা। সংগঠন দুটাই বৰহোলা থানাত উপস্থিত হৈ দোষী লম্পট সৰুকণ আলীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শান্তি দিবলৈ ৪৮ ঘণ্টাৰ সময় বান্ধি দিছে।

ইয়াৰ অন্যথা জাতীয় সংগঠন কেইটাই গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব‌। বৰহোলা আৰক্ষীয়ে ইতিমধ্যে ধৰ্ষণকাৰীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে উল্লেখযোগ্য যে, বৰহোলা সমীপত কাকডোঙা নদীৰ পাৰত বিগত কিছু বছৰ পূৰ্বে একাংশ সন্দেহজনক নাগৰিকে কলমৌ বস্তি নামৰ এখন গাঁও গঢ়ি তুলিছে(Teenage girl raped in Barhola)।

এই গাঁওখনৰ পৰাই বিভিন্ন সময়ত চুৰি আৰু ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত আৰক্ষীয়ে বিভিন্নজনক গ্ৰেপ্তাৰ কৰিছে। এইবাৰ পুনৰ ধৰ্ষণৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰাত বৰহোলাৰ জাতীয় সংগঠন আছু আৰু আটছা সৰব হৈ উঠিছে।

লগতে পঢ়ক :19 state commissioners have been transferred on the same day : ৰাজ্যৰ ১৯ খন জিলাৰ জিলা আয়ুক্তক সাল-সলনি